বৰপেটা, সংবাদ ৩৬৫, ৮ অক্টোবৰ : বৰপেটা জিলাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ কলগাছিয়াত আজি বিজ্ঞান সন্মত ভাৱে ক্ৰিকেট একাডেমিৰ শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে দেৱান মুস্তাফিজুৰ ৰহমানৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডাঃ নজৰুল ইছলামে।

সভাত মুখ্য অতিথি হিচাপে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতা, আসাম ক্ৰিকেট এছ’ছিয়েছনৰ প্ৰাক্তন খেলুৱৈ নয়নজ্যোতি দাস, একাডেমিৰ প্ৰশিক্ষক তথা প্ৰাক্তন ৰঞ্জিত ক্ৰিকেট খেলুৱৈ জাবেদ আকতাৰ।

প্ৰতি গৰাকী অতিথিয়ে কলগাছিয়া স্পৰ্টচ্ ট্ৰাষ্টৰ দ্বাৰা বৃহত্তৰ কলগাছিয়াৰ যুৱ চাম আৰু উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আদৰিবলগীয়া বুলি মত ব্যক্ত কৰাৰ লগতে ট্ৰাষ্টৰ কৰ্মকৰ্তা সকলক ভূয়সী প্ৰশংসা কৰে।

কলগাছিয়া ক্ৰিকেট একাডেমিৰ শুভ উদ্বোধন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাই।