কালগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট : ঈদৰ দিনা আবেলি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কালামপুৰ গাঁওত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। কালামপুৰ গাওঁৰ পৰা কালামপুৰ চৰলৈ বেঁকী নৈৰ মাজেৰে গৈ থকা অৱস্থাত হঠাতে হোৱা ধুমুহাত টুলুঙা নাও দুৰ্ঘটনা হৈ একেটা পৰিয়ালৰ মুঠ ৫ জন লোক সন্ধানহীন হয়।

নাও খনত তিনিটা পৰিয়ালৰ মুঠ ১১ জন লোক কালামপুৰ গাওঁৰ পৰা কালামপুৰ চৰলৈ বেঁকী নৈৰ মাজেৰে যাত্ৰা কৰিছিল। কিন্তু বেঁকী নৈৰ মাজ ভাগ পোৱাৰ পিছতে প্ৰবল ধুমুহা হৈ নাওঁ খন ডুব যায়। ইয়াৰে শিশু সহ ৬ জন লোক সাতুৰী চৰত গৈ নিজৰ জীৱন ৰক্ষা কৰে যদিও আব্দুল ছামাদ (৫০), চায়েদ আলী (৪৮), একৰাবুল হুছেইন (৭), ছানিয়াৰা খাতুন (৪) আৰু নাৰগীচ আকতাৰ (৭) এতিয়াও সন্ধানহীন হৈ আছে।

সোমবাৰে নিশা হোৱাৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাব পৰা নাছিল । পাছত মঙ্গলবাৰে ৰাতিপুৱাৰে এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আছে যদিও এতিয়ালৈকে এজন লোককো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।