কালগাছিয়া, সংবাদ ৩৬৫, ১৪ আগষ্ট : উৎকট গৰমে দহিছে ৰাজ্য। এই উৎকট গৰমৰ মাজতো বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বালাৰপাথাৰ গাঁওত বিগত তিনিদিন ধৰি নাই বিদ্যুৎ। লগতে বৃহত্তৰ কলগাছিয়া এলেকাত বিদ্যুতৰ আৱশ্যক ৫ মেঘা ৱাট, কিন্তু যোগান দিয়া হৈছে মাত্ৰ ১.৫ মেঘাৱাট। যাৰ বাবে সঘনাই চলি থাকে বিদ্যুতৰ লোকাভাকু।

বুধবাৰে গাঁওখনৰ ৰাইজে কলগাছিয়াস্থিত বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্থ কৰে। বৃহত্তৰ কলগাছিয়া অঞ্চলত থকা ট্ৰেন্সফাৰ্মাৰৰ ঠিকদাৰে বিদ্যুৎ কৰ্তন কৰাৰ ফলত ৰাহি থকা বিদ্যুৎ অন্য ঠাইত বিক্ৰী কৰি কমিচন খোৱাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰিও এটা গাঁওত বিদ্যুৎৰ সমস্যা হলে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বদ্যুত কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া।

এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে স্মাৰকপত্ৰ দিয়াৰ পিছতো কোনো সুফল পোৱা নাই ৰাইজে। যাৰ বাবে আজি ৰাইজে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰাৰ লগতে তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উত্তেজিত ৰাইজে কাৰ্যালয়টোৰ ভিতৰত সোমাই আচবাব পত্ৰ ভঙাৰ ফলত এজন লোক আহত হয়।