কলগাছিয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লী আৰু সুতিৰপাথাৰ গাৱত বানপানীৰ পিছৰে পৰাই বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি এদিনতে চাৰিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উচন কৰাৰ লগতে বিঘাই বিঘাই মৰাপাট আৰু ধানৰ খেতি নদীৰ বুকুত জাহ যোৱাত সৰ্বহাৰা হৈ পৰিছে নৈ পৰীয়া সকল।

ইফালে খহনীয়াগ্ৰস্ত লোকৰ নতুনকৈ ঘৰ বান্ধিবলৈ এটুকুৰা মাটিও নথকাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি ১৬৭০ নং উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়খন বেকী নৈত জাহ যোৱাৰ উপক্ৰম হৈ পৰিছে।

উল্লেখযোগ্য যে বানপানীৰ পিছৰে পৰাই খাৰবাল্লী, সুতিৰপাথাৰ, কাচুকাটি, ছনপুৰা, ডাউকমাৰী, বলাইপাথাৰ আদি অঞ্চলত বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে যদিও খহনীয়া প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত মানচিত্ৰৰ পৰা নিশ্চিহ্ন হবলৈ গতি কৰিছে গাঁওসমূহ।