কলগাছিয়া, সংবাদ ৩৬৫, ১১ জুন : সমগ্ৰ অসমৰ লগত সংগতি ৰাখি জনীয়া সমষ্টিৰ সকলো বিদ্যালয় সমূহৰ অসম চৰকাৰৰ নিৰ্দেশ মতে শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্র-ছাত্ৰী সকলক সহযোগত মঙ্গলবাৰে এখনি জ্ঞান যাত্ৰা আৰম্ভ কৰে।

প্ৰতি বছৰে এনে ধৰণৰ জ্ঞান যাত্ৰাৰ আয়োজন কৰিলে ছাত্র- ছাত্ৰী সকলক বিভিন্ন বাহিৰা জ্ঞানৰ লগতে তেওঁলোকক জ্ঞান যাত্ৰাৰ বিষয়ে এটি সুন্দৰ প্ৰকল্প তৈয়াৰ কৰা শিক্ষক- শিক্ষয়ত্ৰী সকলে দায়িত্ব সহকাৰে গ্ৰহণ কৰিলে ছাত্র-ছাত্ৰীৰ মাজত এক নতুন জ্ঞানৰ সৃষ্টি হয়।

এই জ্ঞান যাত্ৰাত জ্ঞান আহৰণৰ বাবে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়া, কৰাৰকুৰ দলং আৰু তাৰপৰা টি এন ডি হাইস্কুলত যাব বুলি জানিবলৈ দিয়ে। এই ক্ষেত্ৰত অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাস্তৱ পৰিবেশৰ লগত পৰিচয় কৰাই সকলো ক্ষেত্ৰত যাতে জ্ঞান অৰ্জন কৰিব পাৰে তাৰ কাৰণে জ্ঞান যাত্ৰা নাম দি এই যাত্ৰা প্ৰতি বছৰে আয়োজন কৰে। ইয়াৰ বাবে অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনায় শিক্ষকসকলে।