কলিয়াবৰ, সংবাদ৩৬৫, ৪ মাৰ্চ : সেৱা ভাৰতী, পূবাঞ্চল যোগ বিভাগৰ সৌজন্যত
সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদৰ অনুমোদন প্ৰাপ্ত
সঞ্জীৱনী যোগাসন কেন্দ্ৰ নগাওঁৰ তত্ত্বাবধানত
আৰোগ্য যোগাসন কেন্দ্ৰ ,কলিয়াবৰত সোমবাৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ,শিলঘাটত সামূহিকভাবে এটি যোগকেন্দ্ৰৰ উদ্ধোধন কৰা হয়।

এই কেন্দ্ৰত জুনিয়ৰ আৰু চিনিয়ৰ ডিপ্লোমা পাঠ্যক্ৰমৰো ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে। উক্ত উদ্ধোধনী অনুস্থানত উপস্থিত থাকে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মাৰ লগতে উপস্থিত থাকে সেৱা ভাৰতী, পূবাঞ্চলৰ অসম প্ৰান্ত যোগ প্ৰমুখ ধনঞ্জয় চুতীয়াৰ লগতে মাৰ্গ দৰ্শন কৰে সেৱা ভাৰতী, পূবাঞ্চলৰ নগাঁও জিলাৰ যোগ প্ৰমুখ মুন দাসে ।

উক্ত অনুস্থানটি পৰিচালনা কৰে যোগ প্ৰশিক্ষক বিষ্ণু প্ৰসাদ বৰুৱাই আৰু অনুস্থানটি চলাই নিয়াত সহায় কৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল বিভাগৰ শিক্ষক দিপেন গগৈয়ে ।উক্ত অনুস্থানটিত সভাপতি হিচাপে পৰিচালনা কৰে ভূপেন শৰ্মাই।

আনহাতে, শাৰীৰিক ,মানসিক আধ্যাত্মিক আদি সকলো দিশত বিকাশ হ’ব পৰাকৈ যোগৰ ওপৰত ভাষন প্ৰদান কৰে ধনঞ্জয় চুতীয়াই। উক্ত অনুস্থানত আৰোগ্য যোগাসন কেন্দ্ৰ ,কলিয়াবৰৰ প্ৰশিক্ষাথী সকলে আসন প্ৰদৰ্শন কৰে।