নিউজ ডেস্ক, ২১ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱে ১৯ নৱেম্বৰ তাৰিখে পশ্চিমবংগৰ (West Bengal) কামাখ্যাগুড়ী আৰু নিউ কোচবিহাৰ ৰে’ল ষ্টেচনৰ পৰিদৰ্শন কৰে। তেওঁৰ লগত আলিপুৰদুৱাৰ মণ্ডলৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক দেবেন্দ্ৰ সিঙ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় তথা আলিপুৰদুৱাৰ মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।

কামাখ্যাগুড়ীত মহাপ্ৰবন্ধকে তিনিটা প্লেটফৰ্ম, ১২ মিটাৰ বহল ফুট অভাৰ ব্ৰিজ, লিফ্ট, উভয় দিশৰ চাৰ্কুলেটিং এৰিয়া, প্ৰতীক্ষা হল, লাউঞ্জ, যাত্ৰী সা-সুবিধাসমূহ, পাৰ্কিং এলেকা, ষ্টেচন মাষ্টৰৰ কক্ষ আৰু টিকট কাউণ্টাৰসমূহৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনে যাত্ৰী সুবিধাৰ উন্নয়ন, যাত্ৰীৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সম্পদৰ সামগ্ৰিক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

ইয়াৰ পিছত স্থানীয় সাংসদ, বিধায়ক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু জনহিতাৰ্থে কাম কৰা সংগঠনসমূহৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় আৰু তাৰ পিছত সংবাদ মাধ্যমৰ সৈতে তেখেতে মত বিনিময় কৰে। নিউ কোচবিহাৰ ষ্টেচনত মহাপ্ৰবন্ধকে ষ্টেচন অধীক্ষক আৰু ষ্টেচন মাষ্টৰৰ পেনেলৰ লগতে সংযুক্ত ক্ৰু লবি, ক্ৰু ৰানিং ৰুম, প্ৰতীক্ষা হল, ৰিটায়াৰিং ৰুম, ডৰ্মিটৰী আৰু ষ্টেচনৰ চাৰ্কুলেটিং এৰিয়াকে ধৰি গুৰুত্বপূৰ্ণ পৰিচালনগত আৰু যাত্ৰী সম্পৰ্কীয় সুবিধাসমূহ পৰ্যালোচনা কৰে।

পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল সুবিধাসমূহৰ গুণগত মানদণ্ড মূল্যায়ন কৰি পৰিচালনগত আৱশ্যকতাৰ সৈতে সংগতি ৰাখি উপযুক্তভাৱে যাত্ৰীকেন্দ্ৰিক আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণ হৈ আছে নে নাই সুনিশ্চিত কৰা।
উভয় ষ্টেচনৰ এই পৰিদৰ্শনৰ উদ্দেশ্য আছিল সেৱা প্ৰদানত শক্তিশালীকৰণ, পৰিচালনগত দক্ষতা বৃদ্ধি কৰা আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ যাত্ৰীসকলৰ সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা অধিক উন্নত কৰা। এবিএছএছৰ অধীনত কামাখ্যাগুড়ী ষ্টেচনৰ পুনৰ্বিকাশে ভাৰতীয় ৰে’লৱেৰ উন্নত ভ্ৰমণ অভিজ্ঞতা আৰু আধুনিক আন্তঃগাঁথনি প্ৰদানৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।