আমিনগাঁও : অসমত ক’ভিড প্ৰতিষেধক প্ৰদান অধিক তীব্ৰ কৰাৰ অৰ্থে অহা ১৭ ছেপ্টেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া ব্যাপক ক’ভিড টীকাকৰণ অভিযানৰ বাবে কামৰূপ জিলাতো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ তৎপৰতাত ইতিমধ্যে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ নিৰ্দ্ধাৰণ কৰা হৈছে৷ উল্লেখযোগ্য যে ১৭ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যখনত মুঠ ৮ লাখ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে৷ এই লক্ষ্যত উপনীত হ’বৰ বাবে কামৰূপ জিলাক ২৫ হাজাৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে৷

অৱশ্যে জিলা স্বাস্থ্য বিভাগে এই অভিযানত ৪০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখি জিলাখনত ইতিমধ্যে ২০০ তকৈও অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰিছে৷ জিলাখনৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ অধীনত সেই অঞ্চলৰ বিদ্যালয়সমূহত ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে৷ এই অভিযানত বিশেষকৈ জিলাখনৰ অন্তৰ্গত চৰ অঞ্চলসমূহত প্ৰতিষেধক প্ৰদানত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ সেই অনুসৰি হাজোৰ চৰাঞ্চলত সেইদিনা ৫,০০০ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে৷ সেইদৰে ছয়গাঁৱৰ চৰ অঞ্চলতো প্ৰতিষেধক প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

আনহাতে আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত এটা ভ্ৰাম্যমান প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছে৷ জিলাখনৰ উপযুক্ত ব্যক্তিয়ে সেইদিনা কোভাক্সিন প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পৰাৰ বিপৰীতে কোভিশ্বিল্ড ছিটাৰ প্ৰথম পালি আৰু দ্বিতীয় পালি গ্ৰহণ কৰিব খোজা সকলোৰে বাবে মুকলি থাকিব৷ এই অভিযান সুচাৰুৰূপে আৰু সফলতাৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট সকলো বিষয়া-কৰ্মচাৰীকে সমন্বয় ৰক্ষা কৰি নিষ্ঠাৰে কাম কৰিবলৈ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আহ্বান জনাইছে৷