গুৱাহাটী, ১৭ ছেপ্টেম্বৰ, ২০২৫ : কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত মঙলবাৰে জিলা পথ-সুৰক্ষা (Road Safety) সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত অজিত কুমাৰ শৰ্মা, পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) ৰাজীৱ কুমাৰ পেগুকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্থ্য, আবকাৰী আদি বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয়।
বৈঠকৰ আৰম্ভণীতে অতিৰিক্ত আয়ুক্ত অজিত কুমাৰ শৰ্মাই বিগত বৈঠকত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ কাম-কাজৰ খতিয়ান লয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক দুৰ্গাপূজাৰ সময়ছোৱাত মহানগৰ জিলাখনৰ সকলো পথতে যাতে সুৰক্ষিত আৰু শৃংখলাবদ্ধ যাতায়াত অব্যাহত ৰাখিব পাৰি তাৰবাবে পথ-সুৰক্ষাৰ লগত জড়িত সকলো শ্ৰেণীৰ লোককে আহ্বান জনায়। বিশেষকৈ দুৰ্গোৎসৱৰ সময়ছোৱাত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰিপ্ৰেক্ষিতত চাইকেল ফেক্টৰিৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ পথটোত অনুষ্ঠিত দুৰ্গাপূজাৰ মণ্ডপসমূহ যাতে পথৰ ওপৰলৈকে দিয়া নহয় আৰু যাতায়াতত বিশৃংখলতাৰ সৃষ্টি নহয় তাৰবাবে পূজা সমিতিসমূহক আহ্বান জনায়।
মহানগৰখনৰ উন্নয়ণৰ স্বাৰ্থত বিভিন্ন বাট-পথত চলি থকা কাম-কাজত দুৰ্গোৎসৱৰ সময়ত যাতে পথত গাত, নলা আদি খন্দা নহয় আৰু এতিয়ালৈকে যিসমূহ ঠাইত খন্দা হৈছে সেইসমূহ শীঘ্ৰে পোতাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইফালে মহানগৰীৰ প্ৰায়বোৰ উৰণীয়া সেঁতুলৈ উঠা-নমা ঠাইত দ গাতৰ সৃষ্টি হোৱা আৰু এই গাতসমূহে যাতায়াত বিঘ্নিত কৰা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে সততেই দেখিবলৈ পোৱা গাতসমূহ কি কাৰণত সৃষ্টি হৈছে সেই সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধান কৰি ইয়াৰ সুব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। বৈঠকত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে বশিষ্ঠ চাৰিআলিৰ পৰা জালুকবাৰীলৈ মূল পথছোৱাকে ধৰি অনান্য পথত অলপ সময়ৰ বৰষুণতে পানী জমা হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ পথৰ দুয়োকাষে অৱস্থিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াতত চৰম বিশৃংখলতা তথা অসুৰক্ষিত অৱস্থাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰে৷ ইয়াৰ বাবে তেওঁ গুৰুত্বপূৰ্ণ পথসমূহত পানী জমা হোৱা বন্ধ কৰি সদাব্যস্ত অঞ্চলটোত সুৰক্ষিত তথা দূৰ্ঘটনামুক্ত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতি আহ্বান জনায়।