নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : ছবিঘৰত চুপাৰ হিট হৈছে জুবীন গাৰ্গৰ কাঞ্চনজংঘা । ছবিঘৰত চিনেমাখনে মুক্তি পোৱাৰ প্ৰথম তিনিদিনতে কাঞ্চনজংঘাই উপাৰ্জন কৰিলে ১ কোটি ৩৭ লাখ টকা।

জুবীন গাৰ্গৰ কাঞ্চনজংঘাই অসমীয়া ছবিৰ দুৰ্দিনত , মৃতপ্ৰায় অসমীয়া চলচ্চিত্ৰৰ উদ্যোগলৈ সম্প্ৰতি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । মিছন চাইনাৰ পাছত জুবীন গাৰ্গৰ এইয়া দ্বিতীয়খন ছবি। মিছন চাইনাৰ পাছত দৰ্শকৰ অধিক সঁহাৰি পাইছে কাঞ্চনজংঘাত । কাঞ্চনজংঘাৰ গান কেইটাইও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে মহাবিদ্যালয়ে মহাবিদ্যালয়ে, উজনিৰ পৰা নামনিলৈ দিনে ৰাতিয়ে জুবীন গাৰ্গৰ লগতে জুবীন ফ্রেণ্ডছ ক্লাৱে সহযোগ আগবঢ়াইছিল ।

মুক্তি লাভ পোৱাৰ দিনাই অৰ্থাৎ শুকুৰবাৰে কাঞ্চনজংঘাই উপাৰ্জন কৰিলে ৪০ লাখ টকা, শনিবাৰে ৩৮.৫ লাখ টকা, দেওবাৰে ৫৯.১ লাখ টকা উপাৰ্জন কৰে ।

ইফালে কাঞ্চনজংঘাৰ পাছতে যতীন বৰা অভিনীত “ৰত্নাকৰ মৰমৰ নতুন আখ্যান ” চাবলৈও সমানে উৎসাহী বহু দৰ্শক ।