দেৰগাওঁ, ২২ অক্টোবৰঃ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই অৱশেষত কৰ্ম সংস্থাপনৰ বাবে বছৰি অসমৰ লক্ষাধিক নিবনুৱা বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে ক্ষুদ্ৰ চাহখেতিয়ে ৰাজ্যৰ নিবনুৱালৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছিল কিন্তু বিগত কিছুদিনৰ পৰা অস্বাভাৱিক হাৰত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত।পুনৰ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ শংকা কঢ়িয়াই আনিছে। স্থানীয় চাহ খেতিয়ক সকলে জনোৱা মতে, চাহ ফেক্টৰীৰ মালিক পক্ষয় নিজৰ ইচ্ছা অনুযায়ী সৰ্ম্পূণ একপক্ষীয় ভাৱে কেঁচা চাহ পাতৰ বজাৰখন নিয়ন্ত্ৰণ কৰিছে। ফেক্টৰী মালিক পক্ষৰ লগত উদ্যোগ মন্ত্ৰী কিম্বা চৰকাৰৰ বৰমূৰীয়া সকলৰ গোপন বুজাবুজি থকাৰ কাৰণে চৰকাৰ তথা প্ৰশাসন সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে। যাৰ কাৰণে ফেক্টৰীৰ মালিক পক্ষৰ মইমতালি দিনক দিনে বৃদ্ধি পাইছে। উল্লেখ্য যে, যি সময়ত ভাৰতীয় টি বোৰ্ডে প্ৰতি কিলো কেঁচা চাহপাতৰ মূল্য ১৯.৫০টকা নিৰ্ধাৰণ কৰিছে, সেই সময়ত ৰজাঘৰীয়াৰ আশিষ ধন্য হৈ দেৰগাওঁ, গোলাঘাট, যোৰহাটৰ বিভিন্ন ফেক্টৰী মালিক পক্ষয় প্ৰতি কিলো কেচাঁ চাহপাতৰ মূল্য ১২ ৰ পৰা১৩ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰিছে। স্থানীয় চাহ খেতিয়ক সকলে অসম চৰকাৰৰ এই অসাধু ফেক্টৰীৰ মালিক পক্ষক নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।