সোণতলী, ৪ জুনঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰভিটাত যোৱা নিশা ৰহস্যজনকভাৱে চিপলৈ এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আলিকাষ গাঁও নিবাসী ছোইনুদ্দিনৰ কন্যা ৰাবিয়া খাতুনে (১৪) সৰুৰে পৰাই বৰভিটাৰ তৰাপ আলীৰ ঘৰত থাকিবলৈ লয়৷ তেতিয়াৰ পৰাই তৰাপ আলীয়ে ৰাবিয়া খাতুনক লালন-পালন কৰে৷ যোৱা নিশা প্ৰায় ৯ বজাত ৰাবিয়া খাতুনে (১৪) বৰভিটাস্থিত তৰাপ আলীৰ বাৰীৰ আম গছ এডালত চিপজৰী আত্মহত্যা কৰে৷ ৰাৱিয়াৰ মৃতদেহ আম গছত চিপজৰীত ওলমি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে৷ কিন্তু ৰাবিয়াৰ আত্মহত্যাৰ আঁৰত ৰহস্য থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ গৰৈমাৰী আৰক্ষীয়ে ৰাবিয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰিছে৷  আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷