গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ ক্ৰমাৎ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূব । শুকুৰবাৰে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আদি সংগঠনসমূহে কেবৰ বিৰোধীতাৰে গুৱাহাটী ক্লাৱৰ পৰা ৰাজভৱনলৈ এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে ।

সমদলটোত অংশগ্ৰহণ কৰে বুদ্ধিজীৱী ডঃ হীৰেণ গোঁহাই ,অধিবক্তা অৰূপ বৰবৰাৰ লগতে লেখিকা মাইনী মহন্তৰ লগতে বহু ব্যক্তি।

হাতে হাতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী শ্লো গানৰ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ” ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক শেষবাৰৰ বাবে জনাই দিছো নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিয়ে মানি নলয়। কেন্দ্ৰীয় চৰকাৰে যদি শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেতিয়াহ’লে অসমবাসীয়ে কেতিয়াও মানি নলয়। ”

উল্লেখ্য যে প্ৰতিবাদীদলটো ৰাজভৱনত উপস্থিত হয় আৰু ৰাষ্ট্ৰপতিলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বাতিলৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে।