গোলাঘাট, ১৭ ডিচেম্বৰ, ২০২৪ : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মঙলবাৰে বোকাখাত এপিডিচিএল’ৰ (APDCL) কাৰ্যালয় ঘেৰাও কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সভাপতি মহেন মৰাং, সাংগঠনিক সম্পাদক মহন্ত বৰী, বোকাখাত মহকুমা সমিতিৰ সভাপতি প্ৰভাত মৰাং, সাধাৰণ সম্পাদক সঞ্জীৱ নাথ, তপন হাজৰীকা, উপদেষ্টা সৰুপাই দাসৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই হুংকাৰ দি কয় “ভয় ভাবুকিৰে বোকাখাতৰ বানাক্ৰান্ত অঞ্চলত সংযোগ কৰা স্মাৰ্ট মিটাৰ তাৎক্ষণিকভাৱে খুলি নানিলে উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে জগৰীয়া হব এপিডিচিএল।”
২০২১ চনৰ ১৭ আগষ্টৰ ভাৰত চৰকাৰৰ গেজেট নটিফিকেচন অনুসৰি স্মাৰ্ট মিটাৰ প্ৰথম অগ্ৰাধিকাৰ ভিত্তিত এটি এণ্ড চি লোকচান নোহোৱা কৰিবৰ কাৰণে সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান আৰু বৃহৎ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সংযোগ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল যদিও বৰ্তমানলৈকে এইসমূহত সংযোগ সম্পূৰ্ণ নকৰাৰ বিপৰীতে ঘৰুৱা গ্ৰাহকৰ ঘৰত বলপূৰ্বকভাৱে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ লোৱা কাৰ্য নিতান্তই জনবিৰোধী বুলি কয় বিদ্যুৎ শইকীয়াই। শেহতীয়াকৈ ৰাজ্যসভাত কেন্দ্ৰীয় শক্তিমন্ত্রী মনোহৰলাল খট্টৰে দাখিল কৰা তথ্যই স্মাৰ্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত কেৱল অসমতে যে সৰ্বাধিক সেই তথ্য পোহৰলৈ আহিছে। বিশেষকৈ মন্ত্রীগৰাকীয়ে দাখিল কৰা তথ্যত বিহাৰ, তামিলনাডু, উত্তৰাখণ্ডৰ দৰে আগশাৰী ৰাজ্যত গ্ৰামাঞ্চলত এটাও স্মাৰ্ট মিটাৰ নলগোৱাৰ বিপৰীতে অসমৰ গ্ৰামাঞ্চলত প্ৰায় ১৯ লাখ মিটাৰ সংস্থাপন কৰা হৈছে।
কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই এই কাৰ্যক চূড়ান্ত অন্যায় আৰু বৈষম্যমূলক বুলি আখ্যা দিয়ে। এনে অৱস্থাত ৰাজ্যজুৰি প্ৰৱল প্ৰতিবাদ চলি থকাৰ মাজত কিদৰে শেহতীয়াকৈ বোকাখাতৰ জাপৰিপথাৰ অঞ্চলত ঘৰৰ মূল গৰাকী উপস্থিত নথকা অৱস্থাত কোনো আগতীয়া জাননী জাৰি নকৰাকৈ, গোহাৰি, মিটাৰ বদলিকৰণৰ প্ৰ-পত্ৰ পূৰণ নকৰাকৈ, পৰিচয় পত্ৰবিহীন অচিনাক্ত লোকে স্মাৰ্ট মিটাৰ সংযোগ কৰিল বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৰ নেতা বিদ্যুৎ শইকীয়াই। উল্লেখযোগ্য যে যোৱা ১০ ডিচেম্বৰ তাৰিখে ঘৰত মূল মানুহ নথকা অৱস্থাত বোকাখাতৰ জাপৰিপথাৰত তিনি ঘৰ দিন হাজিৰ কৰা ব্যক্তিৰ ঘৰত বলপূৰ্বকভাৱে পুৰণি মিটাৰ খুলি স্মাৰ্ট মিটাৰ সংযোগ কৰিছিল। ইয়াকে লৈ তীব্ৰ চেপা উত্তেজনা বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলটোত।
সেই অঞ্চলবাসীক ৰাইজৰ উপস্থিতিত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এপিডিচিএল’ৰ বোকাখাত সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি স্মাৰক পত্ৰৰ লগতে ভুক্তভোগী তিনিওটা পৰিয়ালে অভিযোগ পত্ৰ প্ৰদান কৰে। লগতে ভুক্তভোগী তিনিওটা পৰিয়ালে এপিডিচিএল’ৰ নামত বিধিবদ্ধ প্ৰক্ৰিয়া উলংঘা কৰি স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ যোৱা পৰিচয় বিহীন অচিনাক্ত ব্যক্তি সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।