কোকৰাঝাৰ, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : সোমবাৰৰ পৰা বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ বাওখু্গ্ৰীৰ দাংদুফুৰত পৃথিৱীৰ ১০ খন দেশৰ ৬৮ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰথমখন বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছে।

ছিংগাপুৰ, চীন, ইণ্ডোনেছীয়া, জাপান, থাইলেণ্ড, নেপাল , মালেয়ছিয়া, হংকং, টাইৱান, মঙ্গোলিয়া আদি দেশৰ পৰা মুঠ ৬৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৭ গৰাকী মহিলা প্ৰতিযোগীও আছে ।

আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং আনুষ্ঠানিকভাৱে সমাজ কল্যাণমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাখনিৰ সামৰণি পৰিব ১৪ নৱেম্বৰত।

উক্ত প্ৰতিযোগীখনিৰ বঁটাত থাকিব নগদ দুই লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

শুভাৰম্ভণি অনুষ্ঠানটোত বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী উপস্থিত থাকি কয় যে পেৰাগ্লাইডিং প্ৰতিযোগিতাখন বিটিচিৰ পৰ্যটনক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈয়ে আয়োজন কৰা হৈছে।