ভাৰতবৰ্ষত এতিয়াও মহিলাসকল নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত৷ এফালে মহিলাই পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে নিজৰ দক্ষতা প্ৰমাণ কৰিছে যদিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অধিকাংশ মহিলা এতিয়াও অৱহেলিত৷ ঠাই বিশেষে আইন ভঙ্গ কৰি বিভিন্ন চিকিৎসালয়ত গোপনে ভ্ৰণ পৰীক্ষণ কৰি তথা কন্যা সন্তান জন্ম হোৱাৰ লগে লগে হত্যা কৰোৱাৰ প্ৰথা এতিয়াও প্ৰচলিত৷ কন্যা সন্তানক সুৰক্ষা তথা মহিলাসকলক যোগ্য মৰ্যদা দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে৷ মহিলাসকলৰ সুৰক্ষা নিশ্চিতকৰণৰ কাৰণে প্ৰথমে মহিলাসকলক শিক্ষাৰে শিক্ষিত কৰাৰ অতি প্ৰয়োজন৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে কন্যা শিশুৰ কল্যান আৰু উন্নয়নৰ বাবে বহুতো আঁচনি হাতত লৈছে। কিন্তু এই আঁচনি সমূহৰ জৰিয়তে মহিলাসকলক শিক্ষাৰে শিক্ষিত কৰাৰ লগতে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰা চেষ্টা কৰা হৈছে৷ এই আঁচনিসমূহৰ ভিতৰত ২০০৮-০৯ বৰ্ষত দেশৰ ৭ খন ৰাজ্যৰ ১১ টা উন্নয়ন খণ্ডত “ধনলক্ষ্মী’’ নামৰ এখন আঁচনিৰ অগ্ৰণী প্ৰকল্প হিচাপে ৰূপায়ণ কৰা হয়। এই আঁচনিৰ অধীনত কন্যা শিশুৰ বাবে চৰ্ত সাপেক্ষে নগদ ধন হস্তান্তৰৰ ব্যৱস্থা আছে। জন্ম পঞ্জীয়ন, প্ৰতিষেধক, নামভৰ্তি আৰু অষ্টম মান শ্ৰেণীলৈকে পঢুৱাবলৈ এই আঁচনিৰ অধীনত কন্যা শিশুৰ পৰিয়াললৈ নগদ ধন হস্তান্তৰ কৰাৰ উপৰিও যদি ছোৱালীজনী ১৮ বছৰ বয়সলৈ বিয়া নহয় তাৰ বাবে বীমাৰো ব্যৱস্থাও আছে। ইয়াৰ লগতে বয়সন্ধি (১১-১৮ বছৰীয়া) ছোৱালীৰ বাবে ৬,১১৮ টা সংহত শিশু উন্নয়ন আঁচনিৰ মাজেৰে কিশোৰী শক্তি যোজনা নামৰ আঁচনিখন ৰূপায়ন কৰা হৈছে। এই আঁচনিৰ অধীনত সংহত শিশু উন্নয়ন আঁচনিৰ আন্তঃগাঁঠনি ব্যৱহাৰ কৰি এই কিশোৰীসকলৰ আত্মবিকাশ, পৰিপুষ্টি আৰু স্বাস্থ্যৰ স্থিতি, সাক্ষৰতা আৰু সংখ্যা জ্ঞান, কাৰিকৰী দক্ষতা আদি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে কিশোৰীৰ বাবে পৰিপুষ্টিৰ কাৰ্য্যসূচীৰ অগ্ৰণী আঁচনিখন দেশৰ ৫১ খন জিলাত ৰূপায়ন কৰা হৈছে। ইয়াৰ অধীনত ১১-১৯ বছৰৰ ভিতৰৰ অপুষ্টিত ভোগা প্ৰতিগৰাকী ছোৱালীৰ বাবে প্ৰতিমাহে ৬ কেজিকৈ খাদ্য শস্যৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ধনলক্ষ্মী আঁচনিৰ বাবে ২০০৯-২০১০ বৰ্ষত মুঠ ১০ কোটি টকা ধাৰ্য্য কৰা হৈছে। কিশোৰী শক্তি যোজনাত ৰাজ্যসমূহৰ বাবে ২০০৯-২০১০ বৰ্ষত ৭১.৩০ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই ধন প্ৰতিটো প্ৰকল্পত প্ৰতি বছৰে ১.১ লাখকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ মোকলাই দিয়ে৷ ২০০৯-২০১০ বৰ্ষত কিশোৰীৰ বাবে পৰিপুষ্টি কাৰ্য্যসূচীৰ বাবে ১৬২.২২ কোটি টকা ধাৰ্য্য কৰা হৈছিল। লগতে এই আঁচনিৰ অধীনত সাম্ভাব্য হিতাধিকাৰীৰ সংখ্যাৰ ভিত্তিত ৰাজ্যৰ বাবে ধনৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হয়।