নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ বৃহৎ জয়। আন্তঃৰাষ্ট্ৰীয় আদালতে স্থগিত ৰাখিলে ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ফাঁচীৰ ৰায় । পাকিস্তানৰ সেনা আদালতে কুলভূষণ যাদৱক ফাঁচীৰ আদেশ দিছিল যদিও এই আদেশত বাধা দিলে ইন্টাৰনেশ্যনেল ক’ৰ্ট অৱ জাষ্টিছ চমুকৈ আইচিজে-য়ে।

আন্তঃৰাষ্ট্ৰীয় আদালতে কুলভূষণৰ ফাঁচী স্থগিত ৰাখে আৰু এই সন্দৰ্ভত পাকিস্তানক অধিক বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে ।নেদাৰলেণ্ডত অনুষ্ঠিত এই বিচাৰ প্ৰক্ৰিয়াত মুঠ ১৬ জন ন্যায়াধীশৰ ভিতৰত ১৫ জনেই ভাৰতৰ পক্ষত ৰায়দান কৰে।

উল্লেখযোগ্য যে বেলুচিস্তানৰ পৰা পাকিস্তানী সেনাই ২০১৬ চনৰ ৩ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল নৌ সেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক । চোৰাংচোৱা কৰাৰ অভিযোগত ২০১৭ চনত কুলভূষণক দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়। পাকিস্তানৰ এই ফাঁচীৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আন্তঃৰাষ্ট্ৰীয় আদালতৰ দ্বাৰস্থ হৈছিল ভাৰত চৰকাৰ। আৰু তাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় আদালতে কুলভূষণৰ ফাঁচী স্থগিত ৰাখি পাকিস্তানক পুনৰবাৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে ।

ইফালে , কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আই চি জে সিদ্ধান্তক ভাৰতৰ বৃহৎ জয় বুলি মন্তব্য কৰে।