গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : লাডেনৰ পৰা কৃষ্ণ হ’ল গোৱালপাৰাত যোৱা ৫ বছৰে সন্ত্ৰাস চলাই থকা বন্যহস্তী। বন বিভাগে নতুন নামাকৰণ কৰা গোৱালপাৰাৰ হাটীটো এতিয়া বন বিভাগৰ কামত নিয়োজিত কৰা হ’ব। অতি শীঘ্ৰে বন বিভাগে আৰম্ভ কৰিব কৃষ্ণৰ প্ৰশিক্ষণ।

গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যোৱা ৫ বছৰ ধৰি সন্ত্ৰাস চলাই ৫০ জনতকৈও অধিক লোকক বধ কৰা বন্যহস্তী লাডেনক সোমবাৰে বন বিভাগৰ সহযোগত ট্ৰেংকোলাইজ কৰি আটক কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। হত্যাকাৰী লাডেনক বন বিভাগে আটক কৰিবলৈ বহুপূৰ্বৰে পৰা চেষ্টা চলাই আছিল যদিও লাডেনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ । যোৱা ২৯ অক্টোবৰত গোৱালপাৰাত ৫ জনকৈ লোকক হত্যা কৰাৰ পিছত লাডেনৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ বাধ্য হয় বন বিভাগ । লাডেনক বশীভূত কৰিবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত আলোচনাত মিলিত হৈ বিধায়ক বিধায়ক পদ্ম হাজৰিকাৰ সহযোগত অৱশেষত সোমবাৰে ট্ৰেংকোলাইজ কৰে লাডেনক ।

সোমবাৰে বিধায়ক পদ্ম হাজৰিকা ৫টাকৈ হাতীলৈ অৰণ্যৰ মাজত প্ৰৱেশ কৰি মাত্ৰ এঘণ্টাৰ ভিতৰত লাডেনক ট্ৰেংকোলাইজ কৰি বশীভূত কৰিবলৈ সক্ষম হৈছিল। বিধায়ক পদ্ম হাজৰিকাই লাডেনক ট্ৰেংকোলাইজ কৰাত গোৱালপাৰাৰ ৰাইজ উৎফুল্লিত হৈ পৰিছিল যদিও হোজাই জিলাৰ লামডিং বনাঞ্চলত লাডেনক বন বিভাগে মুকলি কৰি দিয়াৰ এক খবৰে লামডিংবাসী ৰাইজক আতংকিত কৰি তুলিছিল। লামডিং বনাঞ্চলত লাডেনক মুকলি কৰি দিয়াৰ খবৰ পাই লামডিংৰ বহু লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত বন বিভাগে লাডেনক কৃষ্ণ নামেৰে নামাকৰণ কৰি বন বিভাগৰ কামত নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান বন বিভাগৰ কবলত থকা গোৱালপাৰাৰ হাতীটোৰ প্ৰশিক্ষণ অতি শীঘ্ৰে বন বিভাগে আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।