নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : লখিমপুৰৰ বাৰমাইলত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোৰ ফলত ২০জনতকৈ অধিক শিশু, মহিলা, যাত্ৰী আহত হয়।

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাভ নদীৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত বহু সময় স্তব্ধ হৈ পৰে যান-বাহনৰ চলাচল।

ইফালে চালকৰ ময়মতালিৰ বাবেও দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ যাত্ৰীসকলৰ।

আনহাতে ডিমৌৰ থাওৰাতো সংঘটিত হয় এক পথ দুৰ্ঘটনা । ডিব্ৰুগড় দিশৰ পৰা আহি থকা এ এছ ০২ চি চি ০৮০৭ নম্বৰৰ টাটা ডি আই গাড়ী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে।

দুৰ্ঘটনাৰ ফলত গাড়ীখনৰ চালক, হেণ্ডিমেন অাহত হয় ।অাহত দুয়োজনকে ডিমৌ অাৰ্দশ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।