লংকা, সংবাদ ৩৬৫, ১৯ মাৰ্চ : এগৰাকী মহিলা। নিজ ঘৰৰ চোতালত ধূপ-চাকি জ্বলাই নেদেখাজনৰ ওচৰত হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছে নিৰুদ্দিষ্ট স্বামীৰ সন্ধানত।

উল্লেখ্য যে লংকাৰ উদালী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পূব উদালীৰ মহিলা জিনু দেৱীৰ মুক বধিৰ স্বামী মনেশ্বৰ নাথে যোৱা ১৩ মাৰ্চত নগাওঁৰ বহুৱাভেটিলৈ সমন্ধীয় ককায়েকৰ ঘৰত শ্ৰাদ্ধলৈ বুলি গৈছিল । আৰু শ্ৰাদ্ধৰ পৰা উভতি অহাৰ পথতেই নিৰুদ্দেশ হৈ পৰে মনেশ্বৰ নাথ নামৰ মুক বধিৰ ব্যক্তিজন । ইফালে,স্বামী হঠাৎ নিৰুদ্দেশ হৈ পৰাত মহিলা গৰাকী তথা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত উদালী আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে ।

তাৎপৰ্যপূৰ্ণ যে যোৱা চাৰিদিন ধৰি ব্যক্তিজনৰ কোনো শুং সূত্ৰ লাভ নকৰি দুখত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । নিজ স্বামীৰ সন্ধানহীন খবৰে এতিয়া এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰি তুলিছে অঞ্চলটোত । সকলো আশা হেৰুৱাই নিজ স্বামীক বিচাৰি পোৱাৰ আশাৰে একমাত্ৰ ভগবানৰ ওচৰত শৰণাপন্ন হৈ পৰিছে পত্নী জিনু দেৱী ।