গুৱাহাটী, ২৩ ছেপ্টেম্বৰ, ২০২৫ : পঞ্চভূতত বিলীন হ’ল অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। লাখ লাখ অনুৰাগীক কন্দুৱাই আঁতৰি গ’ল অসমবাসীৰ প্ৰাণৰ শিল্পী গৰাকী। সোণাপুৰৰ কমাৰকুছিত চন্দন কাঠৰ চিতাত শুই কেতিয়াও উভতি নহা পথেৰে যাত্ৰা কৰিলে অমৰ কণ্ঠৰ গৰাকীয়ে। পুষ্পবৃষ্টিৰে মাজৰে অগণন অনুৰাগীয়ে কমাৰকুছিলৈ আগুৱাই নিয়ে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ (Zubeen Garg’s Last Journey) সময়ত শিল্পী গৰাকীক শেষ বিদায় জনাবলৈ আহি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষত ভিৰ কৰা অনুৰাগী সকল মৰ্মাহত হৈ পৰে।
এটাৰ যুগৰ অন্ত পৰিল। অন্ত পৰিল জুবিন যুগৰ। অমৰ কণ্ঠৰ গৰাকীয়ে বিদায় লোৱাৰ লগে লগে অন্ত পৰে জুবিন যুগৰ। আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় অসমবাসীৰ হিয়াৰ আমঠু অমৰ কণ্ঠৰ গৰাকী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰাষ্ট্ৰীয় মৰ্যাদাৰে পঞ্চভূতত বিলীন হয়। চন্দন কাঠৰ চিতাত শুই সকলোকে কন্দুৱাই অনন্তধামলৈ যাত্ৰা সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ।
জুবিন গাৰ্গৰ অনন্তধামলৈ যাত্ৰা দেশৰ সংগীত জগতখনত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰিলে। অসমবাসীৰ প্ৰাণৰ শিল্পী গৰাকীৰ আকস্মিক বিয়োগ সহজভাৱে লব পৰা নাই অসমবাসীয়ে। জুবিন গাৰ্গৰ বিয়োগে মৰ্মাহত কৰিছে সকলোকে। কান্দোনত ভাঙি পৰিছে কি পুৰুষ, কি মহিলা, কি বৃদ্ধ। আজি শিল্পী গৰাকীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱাৰ সময়ত সোণাপুৰৰ কমাৰকুছিত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে। লাখ লাখ অনুৰাগীয়ে অশ্ৰুসিক্ত নয়নেৰে মৰমৰ শিল্পী গৰাকীক বিদায় জনায়।
সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ মুখাগ্নি কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা, ঋতু প্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দুদিন ৰখা হৈছিল সৰুসজাই ষ্টেডিয়ামত। অসমবাসী ৰাইজ প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে ইয়াৰ বাবে দুদিন সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ। যোৱা দুদিন সৰুসজাই ষ্টেডিয়ামত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছিল লাখ লাখ লোকে। যোৱা দুদিন হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ ষ্টেডিয়ামত দিনে-নিশাই অজস্র গুণমুগ্ধই ভিৰ কৰিছিল।
ইফালে যোৱা দুদিনৰ দৰে আজিও সম্পূৰ্ণৰূপে গুৱাহাটী মহানগৰী স্তব্ধ হৈ আছিল যদিও সকলোৰে মুখে মুখে শুনিবলৈ পোৱা গৈছিল ‘মায়াবিনী ৰাতিৰ বুকুত’। ইয়াৰ পূৰ্বে বৰঝাৰস্থিত গোপীনাথ বিমান বন্দৰৰ পৰা অমৰ কণ্ঠৰ গৰাকী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনাৰ সময়ত লোকেলুকাৰণ্য হৈ পৰিছিল ৰাজপথ। যোৱা ১৯ ছেপ্টেম্বৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ছিংগাপুৰত সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। ‘জুবিনদা অমৰ হওক, জয় জুবিনদা ধ্বনি দি আৰু মায়াবিনী ৰাতিৰ বুকুত গাই অশ্ৰুসিক্ত নয়নেৰে সকলোৱে বিদায় জনায় প্ৰাণৰ শিল্পী গৰাকীক।