গুৱাহাটী, সংবাদ৩৬৫,৭ মাৰ্চ: বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এল ডি পিৰ এখন সংবাদমেল অনুষ্ঠিত হয়। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক দল অগপৰ দুৰ্বল স্থিতিক এল ডি পিয়ে তীব্ৰ সমালোচনা কৰে। উক্ত সংবাদমেলত উপস্থিত থাকে এল ডি পিৰ অধ্যক্ষ প্ৰদ্যুত বৰা, সভাপতি গুণ গগৈ ,পাৰ্থ প্ৰতিম বেজবৰুৱা আৰু এল এছ ইউৰ সাধাৰণ সম্পাদক আবিদ আহমেদ।

এল ডি পিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰাই অসমৰ আঞ্চলিক গণ পৰিষদ দলক তীব্ৰ সমালোচনা কৰি কয় যে যি স্থলত বিজেপিৰ সভাপতি অমিত শ্বাহে লখিমপুৰ জনসভাত সদম্ভে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ পক্ষে ঘোষণা কৰিলে সেই সময়তে বিধেয়কখনৰ বিৰোধিতাৰে বিজেপিৰ সংগ ত্যাগ কৰা অগপই পুনৰ বিজেপিক সংগ দিবলৈ কৰা কুচকাৱাজে সকলোকে স্তম্ভিত কৰিছে। ইয়াৰ উপৰিও তৃণমূল পৰ্য্যায়ৰ নিষ্ঠাবান কৰ্মীক হতাশ কৰিছে।

বৰাই আৰু কয় যে চুৰ আৰু ডকাইতৰ মাজতো নৈতিকতা থাকিব পাৰে কিন্তু অসমৰ ৰাজনৈতিক মহলৰ মাজত কিঞ্চিতমানো নৈতিকতা আছে নে?

অগপৰ কেইবাজনো নেতাই মন্ত্ৰীত্ব পদ ত্যাগ কৰাৰ প্ৰসংগত কয় অধ্যক্ষ গৰাকীয়ে কয় যে দলীয় কৰ্মীৰ হেঁচাত ,ৰাইজৰ হেঁচাত অগপৰ নেতৃত্বই মন্ত্ৰীত্ব বাদ দি ওলাই আহিছে।কোনো আৱেগিক ভাৱে নহয়।

ভাৰতীয় জনতা পাৰ্টি শাসনত আহিলে কেব পুনৰ আনিব সেই কথাটো জনাৰ পাছতো কি যুক্তিত অগপই বিজেপিৰে সৈতে হাত মিলাব গৈছে। দিল্লীত গৈ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে চোৰাংভাৱে অগপ মিলিত হৈছে। অগপৰ ভেকো-ভাওনাক তীব্ৰ ভাষাৰে তিৰস্কাৰ কৰি প্ৰদ্যুৎ বৰাই কয় যে এতিয়াও সময় আছে।বেলি মাৰ যোৱা নাই। যিটো পথত সোমাইছে সেই পথৰ পৰা উভতি আহক।

উক্ত সংবাদমেলত এল ডি পিয়ে সকলো আঞ্চলিক দলক একত্ৰিত হৈ অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আহ্বান জনায় কয় কংগ্ৰেছৰ স্বজন তোষণ আৰু দুৰ্নীতিৰ তেজাল ঘোঁৰাক লেকাম লগাবলৈ বিজেপিক সকলোৱে নিষ্ঠাৰে আঁকোৱালি লৈছিল। কিন্তু তেওঁলোকৰ প্ৰতিও হোৱা মোহ ভংগই ৰাইজক বিকল্প ৰাজনৈতিক দলৰ সন্ধান কৰিবলৈ বাধ্য কৰিছে।বহু জাতি-জনগোষ্ঠীৰে সৈতে গঠিত অসমৰ সমস্যাৰ যি ভিন্নতা, তাক উপলব্ধি কৰাত ৰাষ্ট্ৰীয় দলবোৰ ব্যৰ্থ হোৱা দেখা যায় যাৰ বাবে ৰাইজে আঞ্চলিক দলৰ প্ৰাসংগিকতা ৰাইজে উপলব্ধি কৰিছে। ৰাজ্যৰ এই সন্ধিক্ষণত সৎ,দক্ষ আৰু অক্লান্ত কৰ্মীৰ নেতৃত্বত সকলোৱে ভিন্নমত ত্যাগ কৰি এখন মঞ্চত উপবিষ্ট হৈ অসমৰ সামূহিক মংগল ৰ বাবে আগবাঢ়ি যোৱাটো কামনা কৰে।