গুৱাহাটী, ১৯মে’: চীনৰ স্মার্টফোন নির্মাতা কোম্পানী লেফোনে ইয়াৰ শেহতীয়া উদ্ভাৱন লেফোন-W7 মুকলি কৰে।এই ছিৰিজটো ৪জি ভ’ল্ট সমৰ্থিত স্মার্টফোনৰ বজাৰত এক নতুন উদ্ভাৱন। ৪,৫৯৯ টকা মূল্যৰ এই স্মাৰ্টফোনটো ভাৰতীয় বজাৰক লক্ষ্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে, য’ত ভাৰতৰ২২ টা বিভিন্ন আঞ্চলিক ভাষা আৰু একাধিক আন্তঃৰাষ্ট্ৰীয় ভাষাৰ সংযোজন কৰা হৈছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত আগবঢ়োৱা ভাষণত লেফোন টেকন’লজী প্রাইভেট লিমিটেডৰ ব্যৱসায়িক মুৰব্বী বিনোদ পণ্ডিতে কয় যে, লেফোন হৈছে সুলভ মূল্যৰ শক্তিশালী ডিভাইচ।ইয়াত ব্যৱহাৰকাৰীসকলৰ ক্রমৱর্ধমান বৈচিত্র পূৰ্ণ চাহিদা উপলব্ধ হোৱাকৈ শিথিল কৰি তোলা হৈছে। লেফোন-W7 ৰ মুকলি কৰি আমি গ্ৰাহকসকলৰ হাতত সুলভ মূল্যত আগশাৰীৰ ডিভাইচ যোগান দিব বিচাৰিছোঁ, য’ত গ্ৰাহকসকলে বিচৰা শেহতীয়া সকলো সুবিধা উপলব্ধ হ’ব। ১.৩গিগা হার্জ কোয়াডক’ৰ প্রচেছৰ সহ ১জিবি ৰেম আৰু ৮জিবি ইন বুইল্ট ষ্টোৰেজেৰে সমৃদ্ধ লেফোন-W7 ত ৩২জিবি মাইক্রো এছডি কার্ড ব্যৱহাৰ কৰি ষ্টোৰেজৰ মাত্ৰা প্রসাৰিত কৰিব পাৰি। তদুপৰি, ছেলফি প্ৰেমীসকলৰ বাবে সুঃখবৰ এই যে স্মাৰ্টফোনটোত ২এমপি ফ্ৰণ্ট কেমেৰা আৰু ভিডিঅ’ কলিঙৰ লগতে এল ই ডি ফ্লাছ যুক্ত ৫ এম পি এ এফৰিয়াৰ কেমেৰাৰ সুবিধাও আছে।

দুটা ছিম ভৰাব পৰা ডিভাইচটোত ৱাই-ফাই, ব্লুটুথ, জিপিএছ/এজিপিএছ, এফএম আৰু ৩.৫ এমএম জেক লগাব পৰা সুবিধা আছে। লেফোন-W7 আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ডিভাইটো ৩৬০ৰ দ্বাৰা চালিত এনড্ৰ’য়ড ৬.০ মাৰ্চমেলো ক্ষমতাসম্পন্ন, য’ত বহুতো বৈশিষ্ট্য প্ৰদৰ্শিত হয় আৰু দৰকাৰী এপ্প যেনে-দুটা একাউণ্ট সমৰ্থন কৰা অৱতাৰ মাষ্টাৰ (ৱাটছআপ, উইচেট, ফেচবুক ইত্যাদি), ৩৬০ছিকিউৰিটী, ৩৬০ক্ল’ন আৰু বহুতো গুণসম্পন্ন।

লেফোন-W7ৰ ক’লা, বগা আৰু সোণালী ইত্যাদি তিনিটা ৰঙত উপলব্ধ হ’ব। ডিভাইচটোত হিন্দী, অসমীয়া, পাঞ্জাৱী, বেংগলী, গুজৰাটী, কানাডা, মালায়ালম, মাৰাঠী, তামিল, নেপালী, বড়ো, তেলেগু, উৰ্দু, সিন্ধী, ওড়িয়া, সংস্কৃত, কাশ্মীৰী, ডোগ্ৰী, মৈথিলি, সান্থানী, কংকনী আৰু মণিপুৰী সহ ২২ টা আঞ্চলিক ভাষা সন্নিবিষ্ট কৰা হৈছে।