Generated by Rank Math SEO, this is an llms.txt file designed to help LLMs better understand and index this website. # Sangbad 365: Latest news and information about Assam ## Sitemaps [XML Sitemap](https://sangbad365.com/sitemap_index.xml): Includes all crawlable and indexable pages. ## Posts - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ ছাইৰাং ৰে’ল ষ্টেচন পৰিদৰ্শন](https://sangbad365.com/north-east-frontier-railway-gm-inspection/): নিউজ ডেস্ক, ১ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৰে’লৱে আন্তঃগাঁথনি (Railway Infrastructure) আৰু যাত্ৰী সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰাৰ অংশ হিচাপে ২৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ছাইৰাং ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে মুখ্য কাৰ্যালয় আৰু লামডিং মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল। - [NF Railway : পানীৰ গুণগত মানদণ্ডৰ নিৰীক্ষণ আৰু খোৱাপানীৰ সুবিধা বৃদ্ধি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/nf-railway-on-clean-drinking-water/): নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ, ২০২৬ : ৰে’ল কৰ্মচাৰী আৰু যাত্ৰীসকলৰ বাবে সুৰক্ষিত তথা গুণগত মানসম্পন্ন খোৱাপানীৰ (Drinking Water) উপলব্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অলপতে পাণ্ডুত থকা জল শোধনাগাৰ পৰিদৰ্শন কৰে। প্ৰকল্পটো পৰিদৰ্শন কৰি জল শোধন আৰু ইয়াৰ গুণগত মান নিৰীক্ষণৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। - [Peerless Hospital : মহিলাসকলৰ মাজত পলিএণ্ডোক্ৰাইন মেটাবলিক অভাৰিয়ান চিনড্ৰমৰ লক্ষণ চিনাক্তকৰণৰ আহ্বান গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ](https://sangbad365.com/peerless-hospital-pcos-pmos-awareness/): গুৱাহাটী, ২৯ ছেপ্টেম্বৰ, ২০২৬ : প্ৰজননক্ষম মহিলাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পৰা এই জটিল এণ্ড’ক্ৰাইন অৱস্থাটোৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালে। পূৰ্বে 'পলিচিষ্টিক অভাৰী চিনড্ৰম'(PCOS) নামেৰে পৰিচিত এই ৰোগবিধক শেহতীয়াকৈ 'পলিএণ্ডোক্ৰাইন মেটাবলিক অভাৰিয়ান চিনড্ৰম' (PMOS) হিচাপে চিহ্নিত কৰা হৈছে। বহু মহিলা এই অৱস্থাৰে জীৱন-যাপন কৰিছে যদিও সঠিক তথ্য আৰু সজাগতাৰ নাটনিৰ বাবে সৰহসংখ্যকৰে ৰোগ সময়মতে ধৰা নপৰে। ২০২৬ বৰ্ষৰ মে’ মাহত বিশ্বজুৰি লোৱা এক ঐকমত্যৰ আধাৰত ৰোগবিধৰ এণ্ড’ক্ৰাইন, বিপাকীয় তন্ত্ৰ আৰু ডিম্বাশয়ৰ বহুমাত্রিক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন নামকৰণ কৰা হয়। সমগ্ৰ ছেপ্টেম্বৰ মাহটো বিশ্বজুৰি পিচিঅ’এছ/পিএমঅ’এছ সজাগতা মাহ হিচাপে পালন কৰাৰ ক্ষণতে গুৱাহাটীৰ চিকিৎসা প্ৰতিষ্ঠানখনে বিষয়টোক লৈ বিশেষ পদক্ষেপ হাতত লৈছে। - [B. Barooah College : বি বৰুৱা কলেজত বহনক্ষম বিজ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন](https://sangbad365.com/b-barooah-college-science-and-technology/): গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৬ : বিজ্ঞান আৰু প্ৰযুক্তিৰ (Science and Technology) নৱতম উদ্ভাৱনক সমাজৰ সৰ্বাংগীণ কল্যাণৰ দিশত প্ৰয়োগ কৰাৰ বাৰ্তাৰে গুৱাহাটীৰ বি বৰুৱা কলেজৰ (স্বায়ত্তশাসিত) ৰসায়ন বিজ্ঞান বিভাগে আয়োজন কৰিছে এক বিশেষ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ। বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু উদ্যোগ জগতৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি বহনক্ষম বিজ্ঞানৰ নিত্য-নতুন দিশ তথা বৈজ্ঞানিক গৱেষণাক বাস্তৱ ক্ষেত্ৰত সফলভাৱে ৰূপায়ণ কৰাৰ প্ৰত্যাহ্বানসমূহ সম্পৰ্কে এই সন্মিলনত গভীৰ আলোচনা অনুষ্ঠিত হ’ব। - [AI : এআই ভিত্তিক ৱাগনৰ দুৱাৰ আৰু ছীল পৰিদৰ্শন পদ্ধতিৰ প্ৰৱৰ্তন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/north-east-frontier-railway-ai-technic/): নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NF Railway) আইআইটি গুৱাহাটীৰ সৈতে সহযোগিতাৰে এই ৰে'লৱেৰ অধীনত চলাচল কৰা মালবাহী ৱাগনসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰজেক্ট দৃষ্টি নামৰ এক অত্যাধুনিক এআই ভিত্তিক প্ৰযুক্তিগত পদ্ধতি প্ৰৱৰ্তন কৰিছে। ২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱে মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰজেক্ট দৃষ্টি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মালবাহী ৱাগনৰ দুৱাৰ, লক আৰু ছীলসমূহৰ নিৰীক্ষণ উন্নত প্ৰযুক্তিৰ জৰিয়তে অধিক শক্তিশালী কৰাৰ বাবে প্ৰজেক্ট দৃষ্টি বিকশিত কৰা হৈছে। এই ব্যৱস্থাত উচ্চ-গতিসম্পন্ন কেমেৰা, প্ৰসৰ আলোকসজ্জা ব্যৱস্থা, সুৰক্ষিত নেটৱৰ্কিং আৰু কৃত্ৰিম বুদ্ধিমত্তা একত্ৰিত কৰি ৱাগনৰ লক আৰু ছীলসমূহ দক্ষতাৰে নিৰীক্ষণ কৰাৰ লগতে যাত্ৰাপথত সম্ভাব্য অনিয়ম বা চুৰিৰ ঘটনা সময়মতে চিনাক্ত কৰাত সহায়ক হ'ব। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেই কাটিহাৰ মণ্ডলৰ সাতটা ষ্টেচনত পাৰ্চেল কেজ স্থাপন কৰিব](https://sangbad365.com/parcel-cage-installation-by-nf-railway/): নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ, ২০২৬ : ষ্টেচন আৰু টাৰ্মিনেলসমূহত পাৰ্চেল ব্যৱস্থাপনা অধিক সুসংগঠিত আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আধুনিক পাৰ্চেল কেজ (Parcel Cage) স্থাপনৰ কাম আৰম্ভ কৰিছে আৰু এই ব্যৱস্থাই যাত্ৰী আৰু ৰে’ল ব্যৱহাৰকাৰীসকলৰ বাবে অতিৰিক্ত সুৰক্ষিত ব্যৱস্থা নিশ্চিত কৰিব। এই উদ্দেশ্যে কিষানগঞ্জ, নিউ জলপাইগুড়ী, শিলিগুড়ী, হলদিবাৰী, মালদা কোৰ্ট, বালুৰঘাট আৰু কাটিহাৰ ষ্টেচনত এই সুবিধা স্থাপনৰ পৰিকল্পনা কৰা হৈছে। - [Chief Election Commission : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবী, ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে অসম জাতীয় পৰিষদে](https://sangbad365.com/assam-jatiya-parishad-on-chief-election-commission/): গুৱাহাটী, ২৫ ছেপ্টেম্বৰ, ২০২৬ : ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)। বৃহস্পতিবাৰে দলটোৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি তেওঁক পদৰ পৰা অপসাৰণ কৰাৰ দাবী জনায়। একে সময়তে সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ লগতে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপো বিচাৰে দলটোৱে। - [IIT Kharagpur : ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড আৰু আই আই টি খড়গপুৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন](https://sangbad365.com/mou-sign-between-iit-kharagpur-and-nddb/): নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ, ২০২৬ : দেশৰ পূব প্ৰান্তৰ কৃষি বিকাশ আৰু গ্ৰামীণ অৰ্থনীতিক অধিক গতিশীল কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ (এন ডি ডি বি) খোৱা তেলৰ মূল্য শৃংখল শক্তিশালীকৰণৰ বিশেষ পদক্ষেপে। নিউ টাউনস্থিত ‘আই আই টি খড়গপুৰ ৰিচাৰ্চ পাৰ্ক’ত ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে পশ্চিমবংগ (West Bengal) চৰকাৰৰ কৃষি বিপণন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী দিলীপ ঘোষে। সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পশ্চিমবংগ চৰকাৰৰ সমবায় তথা খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী অশোক কীৰ্তনীয়া। - [Brahmaputra : ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন শৰাইঘাট ৰে’ল-কাম-ৰোড সেতুৱে যাতায়াত ব্যৱস্থাত নতুন গতি প্ৰদান কৰিব](https://sangbad365.com/new-saraighat-bridge-on-brahmaputra/): নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) আগিয়াঠুৰী-কামাখ্যা ষ্টেচনৰ মাজত ৰে’লপথ দ্বৈতকৰণসহ দ্বিতীয়খন শৰাইঘাট ৰে’ল-কাম-ৰোড দলং প্ৰকল্প ৰূপায়ণ কৰি আছে। অসমৰ যাতায়াত আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পই ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰে’ল আৰু পথ সংযোগ অধিক উন্নত কৰাৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ক্ষমতা বৃদ্ধি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিস্তৃত সংযোগ ব্যৱস্থাৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰিব। বৰ্তমানৰ শৰাইঘাট সেতুখন ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হৈছিল আৰু ২৩ ছেপ্টেম্বৰ, ১৯৬২ তাৰিখে প্ৰথমখন ইঞ্জিনে এই সেতু অতিক্ৰম কৰিছিল। - [Drinking Water : সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী নিশ্চিত কৰাৰ অৰ্থে সমগ্ৰ ৰে’লৱে ষ্টেচন আৰু ৰে’লৱে পৰিসৰত তীব্ৰ অভিযান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/drinking-water-facility-by-nf-railway/): নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰী আৰু ইয়াৰ কৰ্মচাৰীবৰ্গৰ স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি বিভিন্ন ষ্টেচন আৰু ৰে’লৱে প্ৰাংগণত পানীৰ গুণগত মানদণ্ড নিৰীক্ষণৰ বাবে তীব্ৰ অভিযান চলাইছে। অবিৰতভাৱে চলি থকা এই অভিযানৰ অংশ হিচাপে, যাত্ৰীসকলে ব্যৱহাৰ কৰা পানীৰ উৎসসমূহৰ পৰা খোৱা পানীৰ নমুনা সংগ্ৰহ কৰি নিৰ্ধাৰিত সুৰক্ষা মানদণ্ডৰ অনুপালন নিশ্চিত কৰাৰ বাবে পানীৰ ভৌতিক, ৰাসায়নিক আৰু বেক্টেৰিয়াল পৰীক্ষণ পদ্ধতিগতভাৱে কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে ২১ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটী আৰু কামাখ্যা ষ্টেচনৰ পৰা পানীৰ বিভিন্ন ভৌতিক আৰু ৰাসায়নিক পৰিমাপৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ কৰা হয়। - [Swachta Hi Sewa : স্বচ্ছতা হি সেৱাৰ অধীনত স্বচ্ছতা, অনাময় আৰু জনসাধাৰণৰ অংশগ্ৰহণক অধিক শক্তিশালীকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/cleaning-drive-by-nf-railway/): নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ, ২০২৬ : ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ, ২০২৬ লৈ পালন কৰি থকা “স্বচ্ছতা হি সেৱা - ২০২৬” অভিযানৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) বিভিন্ন ৰে’লৱে ষ্টেচন, প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানত স্বচ্ছতা, অনাময়, পৰিৱেশ সজাগতা আৰু জনকল্যাণমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই কাৰ্যসূচীসমূহত ৰে’লৱেৰ বিষয়া-কৰ্মচাৰী, চাফাই মিত্ৰ, ছাত্ৰ-ছাত্ৰী, স্কাউটছ এণ্ড গাইডছ আৰু ৰে'ল যাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সামূহিক দায়িত্ববোধৰ ভাবধাৰা অধিক শক্তিশালী কৰি তুলিছে। - [Dibrugarh : ডিব্ৰুগড় ৱৰ্কশ্বপত ৰে’ল ৰক্ষণাবেক্ষণৰ সামৰ্থ্য বৃদ্ধি; পিঅ’এইচ আউটটাৰ্ণ আৰু সুৰক্ষা পদক্ষেপত অগ্ৰগতি](https://sangbad365.com/nf-railway-gm-visited-dibrugarh/): নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) তিনিচুকীয়া মণ্ডলৰ অধীনস্থ ডিব্ৰুগড় ৱৰ্কশ্বপত নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ডবা আৰু ৱাগনৰ পিৰিয়ডিকেল অভাৰহলিঙ (পিঅ’এইচ)ৰ আউটটাৰ্ণ উন্নত কৰিবলৈ সক্ষম হৈছে। ৱৰ্কশ্বপখনে ৰক্ষণাবেক্ষণৰ সক্ষমতা বৃদ্ধি কৰাৰ লগতে কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু বহনক্ষম ৰে’ল পৰিচালনাক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ডিব্ৰুগড় ৱৰ্কশ্বপত এলএইচবি (লিংক হফমেন বুশ্ব) ডবাৰ পুনৰ্নৱীকৰণ আৰু পিঅ’এইচৰ সক্ষমতা বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নীতকৰণৰ কাম গ্ৰহণ কৰা হৈছে।  - [Zubeen Garg : প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ইউ এছ টি এম’ৰ ‘মায়াবিনী’ শ্ৰদ্ধাঞ্জলি](https://sangbad365.com/tribute-to-zubeen-garg-in-ustm/): নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ, ২০২৬ : প্রিয় শিল্পী, সংগীতজ্ঞ তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতৰ এগৰাকী অনন্য প্ৰতিভা জুবিন গাৰ্গৰ স্মৃতি আৰু চিৰন্তন অৱদানক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰি আজি ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজি (USTM) মেঘালয়ত এক বিশেষ স্মৃতি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰথম জুবিন দিৱস উপলক্ষে ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ জ্ঞান চক্ৰত অনুষ্ঠিত এই অনুষ্ঠানত সমগ্ৰ ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ পৰিয়ালে একেলগে উপস্থিত হৈ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ সংগীত, কণ্ঠ আৰু সৃষ্টিশীলতাই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰি আহিছে। - [Badminton : উত্তৰ-পূৱ বেডমিণ্টন প্ৰতিযোগিতাৰ জুনিয়ৰ দলীয় শাখাত অসমৰ ল’ৰা-ছোৱালীৰ সোণ অৰ্জন](https://sangbad365.com/badminton-championship-in-shillong/): নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ, ২০২৬ : শ্বিলঙত (Shillong) চলি থকা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৬ ত অসমে অদম্য প্ৰদৰ্শন কৰি দলীয় শাখাৰ চাৰিওটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত হোৱা ফাইনেলত অসমৰ ল’ৰা আৰু ছোৱালীৰ দলে চমকপ্ৰদ জয়ৰে জুনিয়ৰ দলীয় শাখাত চেম্পিয়ন হোৱাৰ পাছত অসমৰ পুৰুষ আৰু মহিলা দলেও প্ৰত্যাশিত প্ৰদৰ্শন কৰি স্বৰ্ণ পদক জয় কৰে৷ উল্লেখ্য যে ছিনিয়ৰ দলীয় শাখাত সোণ অৰ্জনৰে অসমৰ পুৰুষ আৰু মহিলা দলে মাণ্ডলিক চেম্পিয়ন হৈ ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়ালৈও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ - [Assam : অসমৰ বানপীড়িত পৰিয়ালসমূহলৈ সাহায্য আৰু পুনৰুদ্ধাৰৰ হাত আগবঢ়াইছে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে](https://sangbad365.com/flood-relief-by-sbi-general-insurance/): যোৰহাট, ১৭ ছেপ্টেম্বৰ ২০২৬ : দেশৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমা কোম্পানী এছবিআই জেনেৰেল ইঞ্চুৰেন্সে (SBI General Insurance) সমগ্ৰ অসমৰ বানপীড়িত জনসাধাৰণৰ বাবে এক বিশেষ সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ জৰিয়তে জৰুৰী খাদ্য সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হ’ব। দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু আয়াং ট্ৰাষ্টৰ সৈতে লগ লাগি গ্ৰহণ কৰা এই পদক্ষেপে বানপ্ৰভাৱিত পৰিয়ালসমূহৰ লগতে বিশেষভাৱে জ্যেষ্ঠ নাগৰিক, মহিলা, শিশু, কৃষক আৰু দিনহাজিৰা কৰা লোকসকলক বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থাত সহায় কৰিব আৰু পুনৰুদ্ধাৰত সমৰ্থন আগবঢ়াব। - [Saraighat Bridge : গুৰুত্বপূৰ্ণ মেৰামতি কাৰ্যৰ দ্বাৰা ঐতিহ্যমণ্ডিত অসমৰ শৰাইঘাট সেতুৰ নৱজীৱন লাভ](https://sangbad365.com/saraighat-bridge-renovation-complete/): গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২৬ : ঐতিহ্যমণ্ডিত শৰাইঘাট সেতু-অসমৰ ঐতিহাসিক প্ৰৱেশদ্বাৰ লগতে ভাৰতীয় ৰে’লৱেৰ এক ঐতিহ্যমণ্ডিত স্মৰণীয় স্থাপত্য তথা ভাৰতৰ অভিযান্ত্ৰিক উৎকৰ্ষতাৰ এক উজ্জ্বল নিদৰ্শন। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ (North East) বাবে এই সেতুখনৰ এক অতুলনীয় ঐতিহাসিক আৰু কৌশলগত গুৰুত্ব আছে। ১৯৬২ চনত সেৱাত নিয়োজিত হোৱা এই সেতুখনে ছয় দশকৰো অধিক সময় ধৰি ধাৰাবাহিকভাৱে ৰাষ্ট্ৰৰ সেৱা আগবঢ়াই আহিছে আৰু উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। - [Guwahati Medical College and Hospital : প্ৰমাণভিত্তিক চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত নতুন দিগন্ত : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিশেষ প্ৰশিক্ষণ](https://sangbad365.com/guvahati-medical-college-and-hospital-training/): গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২৬ : চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত বৈজ্ঞানিক প্ৰমাণৰ ব্যৱহাৰ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদযন্ত্ৰ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত পদ্ধতিগত পৰ্যালোচনা, মেটা-বিশ্লেষণ আৰু GRADE পদ্ধতিৰে প্ৰমাণভিত্তিক চিকিৎসা নিৰ্দেশনা প্ৰস্তুতকৰণ বিষয়ক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ঔষধ বিজ্ঞান বিভাগৰ উদ্যোগত এইমছ গুৱাহাটীৰ (AIIMS, Guwahati) প্ৰমাণভিত্তিক নিৰ্দেশনা কেন্দ্ৰৰ কাৰিকৰী সম্পদ কেন্দ্ৰৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। - [Assam Jatiya Parishad : জুবিন সপ্তাহ উপলক্ষে সোমবাৰে অসম জাতীয় পৰিষদৰ ৰাজ্যজুৰি ৰক্তদান কাৰ্যসূচী](https://sangbad365.com/blood-donation-camp-by-assam-jatiya-parishad/): গুৱাহাটী, ১৪ ছেপ্টেম্বৰ, ২০২৬ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) স্মৃতি আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁৰ অৱদানক সোঁৱৰণ কৰি অসম জাতীয় পৰিষদে দেওবাৰৰ পৰা ‘জুবিন সপ্তাহ’ৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ‘জুবিন সপ্তাহ’ৰ প্ৰথম দিনটোত দেওবাৰে ৰাজ্যজুৰি ‘নাহৰৰ দিন’ পালন কৰা হয়। অসম জাতীয় পৰিষদৰ আহ্বানমৰ্মে অসমৰ বিভিন্ন জিলাৰ অজাপৰ জিলা, সমষ্টি আৰু পঞ্চায়ত সমিতিসমূহে নাহৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচী পালন কৰে। - [Film Festival : ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ নেটপেক (এন ই টি পি এ চি) জুৰী পেনেললৈ নিৰ্বাচিত অসমৰ ড০ ববী শৰ্মা বৰুৱা](https://sangbad365.com/boby-sarma-baruha-in-venis-film-festival/): গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, ২০২৬ : বিশ্ব চলচ্চিত্ৰৰ অন্যতম মৰ্যাদাপূৰ্ণ মঞ্চ ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এইবাৰ জুৰীৰ আসন শুৱনি কৰিব অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ড০ ববী শৰ্মা বৰুৱাই (Boby Sarma Baruah)। ঐতিহাসিক মহোৎসৱখনিৰ ৮৩ সংখ্যক সংস্কৰণৰ বাবে গঠিত নেটপেক জুৰী পেনেললৈ নিৰ্বাচিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় বিচাৰক মণ্ডলীৰ হাতত ন্যস্ত কৰা হৈছে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰ্বাচিত চলচ্চিত্ৰসমূহৰ সূক্ষ্ম মূল্যায়নৰ বিশেষ দায়িত্ব। - [Radisson Blu : নেষ্টএছিয়াত জাপানীজ খাদ্য সংস্কৃতিৰ অনন্য সমাহাৰ, ৰেডিচন ব্লু গুৱাহাটীৰ ‘চাকুৰা এণ্ড স্পিৰিটছ-অটাম কাইচেকি নাইটছ’ৰ আয়োজন](https://sangbad365.com/japanes-food-festival-in-radisson-blu/): গুৱাহাটী, ১২ ছেপ্টেম্বৰ, ২০২৬ : মহানগৰীৰ খাদ্যসংস্কৃতিলৈ এক অনন্য মাত্ৰা কঢ়িয়াই আনিছে বিশ্ববিখ্যাত জাপানী ৰন্ধনশৈলীৰ আভিজাত্যই। জাপানৰ পৰম্পৰাগত সোৱাদ আৰু মাৰ্জিত আতিথ্যৰ সৈতে খাদ্যৰসিকসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৰেডিচন ব্লু গুৱাহাটীয়ে আগবঢ়াইছে এক বিশেষ আমন্ত্ৰণ। হোটেলখনৰ নান্দনিক ৰেষ্টুৰেণ্ট ‘নেষ্টএছিয়া’ত ৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ আয়োজন কৰা হৈছে জাপানী খাদ্য (Japanese Food) সম্ভাৰেৰে সমৃদ্ধ সুকীয়া ডাইনিং কাৰ্যসূচী ‘চাকুৰা এণ্ড স্পিৰিটছ-অটাম কাইচেকি নাইটছ’। - [East and North-East : পূব আৰু উত্তৰ-পূব ভাৰতত বাণিজ্যিক ভেটি সম্প্ৰসাৰণৰ দিশত নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰথম পদক্ষেপ](https://sangbad365.com/real-estate-business-in-north-east/): গুৱাহাটী, ১১ ছেপ্টেম্বৰ, ২০২৬ : দেশৰ অৰ্থনৈতিক (Economic) প্ৰগতিৰ সমান্তৰালভাৱে ক্ৰমবৰ্ধমান বাণিজ্যিক সম্ভাৱনাৰ কেন্দ্ৰস্থলৰূপে পৰিগণিত হোৱা উত্তৰ-পূৰ্বাঞ্চলত এইবাৰ সূচনা হ’ল আধুনিক নগৰীয়া আন্তঃগাঁথনি বিকাশৰ এক নতুন যুগৰ। এই ইতিবাচক পৰিৱেশৰ মাজতে দেশৰ প্ৰথমখন তালিকাভুক্ত খুচুৰা ৰিয়েল এষ্টেট বিনিয়োগ ন্যাস (ৰিট) তথা শীৰ্ষমানৰ ‘গ্ৰেড-এ’ নগৰীয়া বাণিজ্যিক কেন্দ্ৰসমূহৰ বৃহত্তম স্বত্বাধিকাৰী প্ৰতিষ্ঠান ‘নেক্সাছ চিলেক্ট ট্ৰাষ্টে’ (এনএছই: এনএক্সএছটি/বিএছই: ৫৪৩৯১৩) এক ঐতিহাসিক চুক্তিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিজৰ কৌশলগত প্ৰৱেশৰ কথা ঘোষণা কৰে। সেই অনুসৰি মহানগৰীৰ বেহাৰবাৰীত গঢ়ি তোলা হ’ব এক বিশ্বমানৰ ‘গ্ৰেড-এ’ মল তথা এখন বিলাসী হোটেল। পূব আৰু উত্তৰ-পূব ভাৰতৰ বিপুল সম্ভাৱনাপূৰ্ণ উপভোক্তা বজাৰসমূহত নিজৰ শক্তিশালী উপস্থিতি গঢ়ি তোলাৰ সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপে প্ৰতিষ্ঠানটোৰ প্ৰথমটো নিৰ্ণায়ক মাইলৰ খুঁটি চিহ্নিত কৰিছে, য’ত গুৱাহাটীয়ে সমগ্ৰ অঞ্চলটোত প্ৰৱেশৰ বাবে এক অত্যন্ত আকৰ্ষণীয় দুৱাৰ মুকলি কৰি দিছে। - [Nalbari : নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ](https://sangbad365.com/new-industry-inaugurated-in-nalbari/): নলবাৰী, ১০ ছেপ্টেম্বৰ, ২০২৬ : ৰাজ্যখনৰ কৃষিভিত্তিক (Agricultural) অৰ্থনীতি আৰু উদ্যোগ খণ্ডলৈ এক নতুন আশাৰ সঞ্চাৰ কৰি ভাৰতত নিজৰ উৎপাদন যাত্ৰাৰ এক বিশেষ মাইলৰ খুঁটি স্থাপন কৰিলে খাদ্য আৰু পানীয় খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান পেপচিকো ইণ্ডিয়াই। নলবাৰীত প্ৰতিষ্ঠা কৰা নিজৰ অত্যাধুনিক খাদ্য প্ৰস্তুতকৰণ প্ৰকল্পটো আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে, ৭৭৮ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে নিৰ্মিত এই প্ৰকল্পটোৱেই হৈছে অসমৰ বুকুত পেপচিকো ইণ্ডিয়াৰ প্ৰথম আৰু সমগ্ৰ দেশৰ ভিতৰতে পঞ্চমটো খাদ্য উৎপাদন প্ৰকল্প। এই পদক্ষেপে অসমৰ বিকাশৰ অপাৰ সম্ভাৱনাক লৈ পেপচিকো ইণ্ডিয়াৰ দীৰ্ঘম্যাদী আস্থাক প্ৰতিপন্ন কৰাৰ লগতে দেশৰ কৃষি ব্যৱস্থা, উৎপাদন আন্তঃগাঁথনি আৰু সামগ্ৰিক অৰ্থনৈতিক উন্নয়নক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ প্ৰমাণ কৰিছে। - [Special Train : উৎসৱকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা দুযোৰ বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি](https://sangbad365.com/nf-railway-festival-special-train/): নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ, ২০২৬ : আগন্তুক উৎসৱকালত যাত্ৰীসকলৰ সুবিধা বৃদ্ধি আৰু অতিৰিক্ত যাত্ৰীৰ ভিৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) দুযোৰ অতিৰিক্ত বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ সেৱাসমূহৰ ভিতৰত আছে ৰে’ল নং ০৪০০৮/০৪০০৭ (আনন্দ বিহাৰ টাৰ্মিনেল-যোগবনী-আনন্দ বিহাৰ টাৰ্মিনেল) উৎসৱ বিশেষ এক্সপ্ৰেছ আৰু ৰে’ল নং ০৮০৪৭/০৮০৪৮ (সাঁতৰাগাছী জংচন-নাহৰলগুন-সাঁতৰাগাছী জংচন) বিশেষ ৰে’ল। - [GDPI : জিডিপিআই ১০.৯ শতাংশ বৃদ্ধিৰে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত শক্তিশালী বাণিজ্যিক সম্প্ৰসাৰণ এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চৰ](https://sangbad365.com/state-bank-of-india-general-insurance/): গুৱাহাটী, ৮ ছেপ্টেম্বৰ, ২০২৬ : দেশৰ বিত্তীয় বজাৰত বলিষ্ঠ উপস্থিতিৰ পৰিচয় দি ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকতো উচ্চ বিকাশৰ গতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে অগ্ৰণী সাধাৰণ বীমা প্ৰতিষ্ঠান ‘এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চ’ (SBI General Insurance)। বিগত ২০২৬ বিত্তীয় বৰ্ষৰ সফলতাক আগুৱাই লৈ গৈ প্ৰতিষ্ঠানটোৱে মূল ব্যৱসায়িক স্তম্ভসমূহ অধিক সুদৃঢ় কৰি তোলে। বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’, শৃংখলাবদ্ধ কাৰ্যপন্থা আৰু শক্তিশালী মূলধনী স্থিতিয়ে এই অগ্ৰগতিত বিশেষভাৱে ইন্ধন যোগায়। এই প্ৰথম তিনিমাহত প্ৰতিষ্ঠানটোৰ সৰ্বমুঠ প্ৰত্যক্ষ প্ৰিমিয়ামৰ পৰিমাণ (জিডিপিআই) উপনীত হৈছেহি ৩,৫০৬ কোটি টকাত। বাৰ্ষিক ভিত্তিত হোৱা এই ১০.৯ শতাংশ সুস্থিৰ বৃদ্ধিয়ে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ অবিৰত ব্যৱসায়িক ধাৰাবাহিকতাকে স্পষ্টভাৱে দাঙি ধৰিছে। - [Narendra Modi : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গুজৰাটত ৩৫,০০০ কোটি টকাৰো অধিক মূল্যৰ ৰে’লৱে প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ](https://sangbad365.com/new-train-inaugrated-by-pm-modi/): নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ, ২০২৬ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ ছেপ্টেম্বৰ তাৰিখে গুজৰাটৰ ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’লৱে (Rail) আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ইয়াৰ লগতে তেওঁ এখন নতুন যাত্ৰীবাহী ৰে’ল সেৱা আৰু চাৰিখন মালবাহী ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে। এই পদক্ষেপে ৰে’ল সংযোগৰ শক্তিশালীকৰণ, লজিষ্টিক দক্ষতা বৃদ্ধি কৰি আঞ্চলিক অৰ্থনৈতিক উন্নয়নক সহায় কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতিৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভদোদৰা-ৰতলাম তৃতীয় আৰু চতুৰ্থ ৰে’ললাইন, মিয়াগাম কৰজান-চোৰাণ্ডা-মালছৰ গজ ৰূপান্তৰ আৰু বিশ্বামিত্ৰী-ডাভয় দ্বৈতকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে ৰে’ল পৰিবহণৰ ক্ষমতা অধিক বৃদ্ধি কৰাৰ লগতে পৰিচালন দক্ষতা উন্নত কৰি সমগ্ৰ অঞ্চলটোৰ ৰে’ল সংযোগ অধিক শক্তিশালী কৰিব। - [Rail : ডেডিকেটেড ফ্ৰেইট কৰিড’ৰৰ দ্বাৰা মালবাহী পৰিবহণ দক্ষতা আৰু সামগ্ৰী সৰবৰাহৰ দিশত ৰে’ল সংযোগৰ শক্তিশালীকৰণ](https://sangbad365.com/indian-railway-news/): নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ, ২০২৬ : ভাৰতৰ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (DFC) নেটৱৰ্কৰ ফলপ্ৰসূ ৰূপায়ণে দেশৰ মালবাহী ৰে'লৰ পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ৰূপান্তৰৰ সূচনা কৰিছে। ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ অফ ইণ্ডিয়া লিমিটেড (ডিএফচিচিআইএল)ৰ দ্বাৰা নিৰ্মিত এই সৰ্ব্বমুঠ ২,৮৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নেটৱৰ্কত পঞ্জাবৰ নিউ চাহনেৱালৰ পৰা বিহাৰৰ নিউ সোননগৰলৈ ১,৩৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ আৰু উত্তৰ প্ৰদেশৰ নিউ দাদৰীৰ পৰা মহাৰাষ্ট্ৰৰ নিউ জৱাহৰলাল নেহৰু প’ৰ্ট অথৰিটি (জেএনপিটি)লৈ ১,৫০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ অন্তৰ্ভুক্ত হৈছে। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকে শিলিগুড়ীত আন্তঃগাঁথনি উন্নয়ন আৰু যাত্ৰী সা-সুবিধা সম্পৰ্কীয় কাম-কাজৰ পৰিদৰ্শন কৰিলে](https://sangbad365.com/nf-railway-gm-visited-siliguri/): নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৫ ছেপ্টেম্বৰ তাৰিখে শিলিগুড়ীস্থিত (Siliguri) ডিজেল লোকো শ্বেড আৰু শিলিগুড়ী ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ আন্তঃগাঁথনি উন্নয়নৰ অধীনত চলি থকা গুৰুত্বপূৰ্ণ কাম-কাজ, যাত্ৰী সুবিধা প্ৰকল্প আৰু পৰিচালনগত দক্ষতা বৃদ্ধিৰ লগতে যাত্ৰীসকলৰ সামগ্ৰিক যাত্ৰা অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰে। - [NF Railway : আগষ্ট মাহত মালবাহী ৰে’লৰ পৰিবহণত উল্লেখযোগ্য প্ৰদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/nf-railway-goods-unloading-in-the-month-of-august/): নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ আগষ্ট মাহতো ইয়াৰ শক্তিশালী মালবাহী পৰিবহণৰ ধাৰা অব্যাহত ৰাখি সামগ্ৰীৰ উল্লেখনীয় আনলোডিং (Unloading) প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। মাহটোত সমগ্ৰ সংমণ্ডলটোত মুঠ ১০২১খন মালবাহী ৰেক আনলোড কৰা হয়, যিয়ে মালবাহী ৰে'লৰ পৰিবহণৰ ক্ষেত্ৰত এক শক্তিশালী আৰু উৎসাহজনক প্ৰদৰ্শন প্ৰতিফলিত কৰিছে। আগষ্ট ২০২৬ মাহৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে'লৱেই অত্যাৱশ্যকীয় আৰু ঔদ্যোগিক সামগ্ৰীৰ নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰি আহিছে। - [Tolatol Ghor : ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান](https://sangbad365.com/sibsagar-press-meet/): শিৱসাগৰ, ৫ ছেপ্তেম্বৰ, ২০২৬ : আহোম স্বৰ্গদেউসকলৰ ঐতিহাসিক ৰাজধানী ৰংপুৰৰ গৌৰৱোজ্জ্বল স্মাৰক তলাতল ঘৰৰ বাকৰিত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰা হয়। যোৱা ২৩ আগষ্ট, ২০২৬ তাৰিখে নাজিৰাৰ এম চি ক্লাৱত সচেতন নাগৰিক সমাজৰ আহ্বানত অনুষ্ঠিত ‘উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন’ শীৰ্ষক ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে গঠিত 'পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ' (Patkai Civilization Protection Coordination Forum - PCPCF) ৰ লগতে 'ৰূপহী জেৰেঙা সুৰক্ষা সমিতি' আৰু 'ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতি'-ৰ বিষয়ববীয়াসকলে সংবাদমেল সম্বোধন কৰে। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱুশ্বু একাডেমিৰ সদৌ অসম আন্তঃজিলা চেম্পিয়নশ্বিপত ৩০ টা পদকেৰে টাউলু শাখাত ৰানাৰ্ছ-আপ ট্ৰফী অৰ্জন](https://sangbad365.com/nf-railway-team-success-in-wushu-championship/): নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ) ৱুশ্বু (Wushu) একাডেমিয়ে অসমৰ ওদালগুড়ীত অনুষ্ঠিত হোৱা ২৩ তম চাব-জুনিয়ৰ আৰু ২৩ তম সদৌ অসম আন্তঃ জিলা জুনিয়ৰ ৱুশ্বু চেম্পিয়নশ্বিপ ২০২৬ ৰ চাব জুনিয়ৰ শাখাৰ টাউলু বিভাগত ৰানাৰ্ছ-আপ ট্ৰফী অৰ্জন কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। ২৬ টা জিলা দল আৰু ৪০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সংস্থাৰ ২২ জন প্ৰতিভাৱান খেলুৱৈৰে গঠিত দলটোৱে এক আকৰ্ষণীয় ক্ৰীড়া প্ৰদৰ্শন আগবঢ়াই মুঠ ৩০ টা পদক অৰ্থাৎ ৬ টা সোণৰ, ১৯ টা ৰূপৰ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ মণিপুৰৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ](https://sangbad365.com/nf-railway-gm-meet-manipur-chief-minister/): নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ১ ছেপ্টেম্বৰ তাৰিখে মণিপুৰৰ (Manipur) লোক ভৱনত ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সৈতে সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যখনৰ ৰে’ল সংযোগ শক্তিশালীকৰণ, যাত্ৰীসকলৰ সা-সুবিধা উন্নতকৰণ আৰু মালবাহী ৰে'ল পৰিবহণ ব্যৱস্থা উন্নতকৰণ তথা সুৰক্ষা আন্তঃগাঁথনিৰ শক্তিশালীকৰণকে ধৰি মণিপুৰত ৰে’ল সেৱা আৰু আন্তঃগাঁথনিৰ অধিক উন্নয়ন সংক্ৰান্ত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। - [Sikkim : ভাৰ্গৱ শইকীয়াৰ ‘বক্সী’ৰ ট্ৰেইলাৰত ছিক্কিমৰ পৌৰাণিক কাহিনী আৰু মনোমোহা প্ৰাকৃতিক দৃশ্যৰ প্ৰতিফলন](https://sangbad365.com/assam-filmmaker-film/): গুৱাহাটী, ২ ছেপ্টেম্বৰ, ২০২৬ : অসমৰ চলচ্চিত্ৰ নিৰ্মাতা (Assam Film Maker) ভাৰ্গৱ শইকীয়াৰ বহু প্ৰত্যাশিত পৰিচালনাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘বক্সী’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ৯ অক্টোবৰত সমগ্ৰ দেশতে চিত্ৰগৃহত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ ট্ৰেইলাৰে দৰ্শকক এখন অস্থিৰ লৌকিক-ভীতিকাহিনীৰ পৃথিৱীৰ আভাস দিছে, যিখন ছবিয়ে ইতিমধ্যে বিশ্বৰ কেইবাখনো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যাত্ৰা কৰিছে। অসমৰ বিশ্বনাথৰ পৰা উঠি অহা আৰু বৰ্তমান মুম্বাইৰ বাসিন্দা ভাৰ্গৱ শইকীয়াই ‘বক্সী’ৰ জৰিয়তে পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ লাইন নং ২ পুনৰ কাৰ্যক্ষম ](https://sangbad365.com/harangajao-railway-station-restoration-work/): নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই  নিউ হাৰাঙ্গাজাও (Harangajao) ষ্টেচনত পুনৰুদ্ধাৰ কামত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ৫ ছেপ্টেম্বৰ, ২০২৬ ৰ ভিতৰত লাইন নং ২ পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে পুনৰুদ্ধাৰ কাম ক্ষিপ্ৰগতিত আগবঢ়াই থকা হৈছে। স্বাভাৱিক ৰে’ল চলাচল শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে প্ৰায় ৫০০ গৰাকী কৰ্মচাৰীয়ে দিনে-নিশাই কাম কৰি আছে।  - [Assamese Movie : ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’](https://sangbad365.com/assamese-film-diflu-release-on-9-october/): গুৱাহাটী, ১ ছেপ্টেম্বৰ, ২০২৬: অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি 'ডিফলু’ৱে । বৰলুইত প্ৰডাকশ্যনৰ (Borluit Production) বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ মুক্তিৰ দিন সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে নিৰ্মাতাগোষ্ঠীয়ে। - [Festival : উৎসৱৰ বতৰত ৰে’লযাত্ৰীৰ সুগম ভ্ৰমণ নিশ্চিত কৰাৰ অৰ্থে তিনি যোৰ বিশেষ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/special-festival-train-by-nf-railway-3/): নিউজ ডেস্ক, ৩১ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগন্তুক উৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভ্ৰমণ সুবিধা আৰু সুগম যাতায়াত নিশ্চিত কৰাৰ বাবে তিনি যোৰ উৎসৱ বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰণ কৰিছে। সম্প্ৰসাৰিত সেৱাসমূহৰ ভিতৰত ৰে’ল নং ০৫৭৩৬/০৫৭৩৫ (কাটিহাৰ-অমৃতসৰ-কাটিহাৰ), ৰে’ল নং ০৫৯৩২/০৫৯৩১ (ডিব্ৰুগড়-কলকাতা-ডিব্ৰুগড়) আৰু ৰে’ল নং ০৩৪০৭/০৩৪০৮ (ভাগলপুৰ-কাটিহাৰ-ভাগলপুৰ) উৎসৱ বিশেষ ৰে’ল অন্তৰ্ভুক্ত আছে।  - [Kaziranga : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা](https://sangbad365.com/congress-protest-rally-against-bjp/): গুৱাহাটী, ৩০ আগষ্ট, ২০২৬ : অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী, জৈৱ-বৈচিত্ৰ্য আৰু সংকটৰ গৰাহত পৰা পৰিৱেশতন্ত্ৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত ৰাজ্যজুৰি প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে (Congress)। কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ চৰকাৰী প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিবাদী পদযাত্ৰা উলিওৱা হয়। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধকৰ দ্বাৰা নিউ জলপাইগুড়ী ৰে’লৱে ষ্টেচনৰ আধুনিকীকৰণ আৰু পুনৰ্বিকাশৰ কাম-কাজ পৰিদৰ্শন ](https://sangbad365.com/north-east-frontier-railway-news-9/): নিউজ ডেস্ক, ২৯ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানচালে ২৭ আগষ্ট, তাৰিখে নিউ জলপাইগুড়ী (New Jalpaiguri) ৰে’লৱে ষ্টেচনত নিৰ্মাণাধীন বিভিন্ন গুৰুত্বপূৰ্ণ আধুনিকীকৰণ আৰু পুনৰ্বিকাশৰ কাম-কাজৰ বিস্তৃত পৰিদৰ্শন কৰে। তেওঁৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ (নিৰ্মাণ) জ্যেষ্ঠ বিষয়াবৰ্গ আৰু সংশ্লিষ্ট মণ্ডলৰ বিষয়াবৰ্গও উপস্থিত আছিল।  - [Ticket : টিকটবিহীন আৰু অনিয়মীয়া টিকটসহ ভ্ৰমণ ৰোধ কৰিবলৈ ব্যাপক টিকট পৰীক্ষণ অভিযান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ](https://sangbad365.com/nf-railway-drive-against-ticket-less-passenger/): নিউজ ডেস্ক, ২৮ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) চলিত বৰ্ষৰ জুলাই মাহৰ সময়ছোৱাত টিকট পৰীক্ষণ অভিযানত এক উল্লেখযোগ্য অগ্ৰগতিৰ অভিলেখ গঢ়িছে। স্বচ্ছ টিকট ব্যৱস্থাৰ নিশ্চিতকৰণ, টিকটবিহীন ৰে’ল ভ্ৰমণ ৰোধ কৰাৰ লগতে প্ৰকৃত ৰে’ল যাত্ৰীসকলৰ বাবে এক অনুকূল ভ্ৰমণ পৰিৱেশ প্ৰদান কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে এই অভিলেখে। সমগ্ৰ ৰে’লৱে জ’নৰ বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা তীব্ৰ টিকট পৰীক্ষা অভিযানৰ পৰিণামস্বৰূপে উক্ত মাহটোত মুঠ ৭৬,৯৮৯ গৰাকী যাত্ৰীক টিকটবিহীন অথবা অনিয়মীয়া টিকটেৰে ভ্ৰমণ কৰা অৱস্থাত ধৰা পেলোৱা হয়। - [India : ভাৰতৰ উদীয়মান মহাকাশ অৰ্থনীতিৰ এক কৌশলগত প্ৰৱেশদ্বাৰ হৈ উঠিব পাৰে উত্তৰ-পূৰ্বাঞ্চল : এছআইএ-ইণ্ডিয়া](https://sangbad365.com/space-technology-news-of-ne/): গুৱাহাটী, ২৭ আগষ্ট, ২০২৬ : মহাকাশ প্ৰযুক্তিৰ (Space Technology) অপাৰ সম্ভাৱনাক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নতিৰ ভেটি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ হৈছে নৰ্থইষ্ট ইণ্ডিয়া স্পেচ ৱৰ্কশ্বপ ২০২৬। ভাৰতীয় মহাকাশ উদ্যোগ সংস্থা (এছআইএ-ইণ্ডিয়া) আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ (এনইএছএচি) যৌথ উদ্যোগত আয়োজিত “লেভাৰেজিং স্পেচ টেকন’লজিঃ ৰিজ’নেল ট্ৰেন্সফৰ্মেচন টু গ্ল’বেল ৰিচ্চ” শীৰ্ষক এই কাৰ্যসূচীৰ প্ৰথম দিনটোৰ বৈঠকত কেৱল স্থানীয় প্ৰয়োগৰ মাজতে আৱদ্ধ নাথাকি বিশ্বমানৰ সুযোগ গ্ৰহণৰ ওপৰত আলোকপাত কৰা হয়। অনন্য ভৌগোলিক অৱস্থান, কৌশলগত গুৰুত্ব আৰু প্ৰতিষ্ঠানিক দক্ষতাক ভিত্তি কৰি উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ বিকাশশীল মহাকাশ খণ্ডত এক শক্তিশালী ভূমিকা ল'ব পাৰে বুলি বৈঠকত আলোচনা কৰা হয়। ইয়াৰ জৰিয়তে মহাকাশভিত্তিক যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰা, প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি, নতুন উদ্ভাৱন, নিৰ্মাণ উদ্যোগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশসমূহক আগুৱাই নিয়াৰ লগতে স্থানীয় প্ৰতিভা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণৰ নতুন বাট মুকলি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হয়। - [Festival : দুৰ্গা পূজাৰ উৎসৱৰ সময়ত ডিএইচআৰৰ দ্বাৰা ছয়খন বিশেষ জয়ৰাইড সেৱা আৰম্ভ](https://sangbad365.com/special-festival-train-by-darjeeling-railway/): নিউজ ডেস্ক, ২৭ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰে’লৱেই (Darjeeling Himalayan Railway) আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত পৰ্যটকৰ বাবে অধিক স্মৰণীয় কৰি তুলিবলৈ ১ অক্টোবৰ ২০২৬ৰ পৰা বিশেষ অতিৰিক্ত জয়ৰাইড সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। এই পদক্ষেপৰ জৰিয়তে পৰ্যটকসকলে দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলৰ ঐতিহাসিক ৰে’লপথ, মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য উপভোগ কৰাৰ অধিক সুযোগ লাভ কৰিব। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৯৮ সংখ্যক জেডআৰইউচিচি বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল উন্নয়নৰ অগ্ৰগতিৰ ওপৰত আলোকপাত](https://sangbad365.com/north-east-frontier-railway-news-8/): নিউজ ডেস্ক, ২৬ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জোনেল ৰে’লৱে ইউজাৰচ কনচালটিভ কমিটি (জেডআৰইউচিচি)-ৰ ৯৮ সংখ্যক বৈঠক ২৫ আগষ্ট তাৰিখে মালিগাঁৱত (Malegaon) সফলভাৱে অনুষ্ঠিত হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বৈঠকত মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সভাপতিত্ব কৰে আনহাতে, বৈঠকৰ কাৰ্যসূচী পৰিচালনা কৰে জেডআৰইউচিচিৰ সচিব তথা উপ-মহাপ্ৰবন্ধক (ডিজিএম) অনুৰাগ আগৰৱালে। বৈঠকত সাংসদ ডাঃ জয়ন্ত কুমাৰ ৰয় (জলপাইগুড়ী), খগেন মুৰ্মু (মালদহ উত্তৰ), তাপিৰ গাও (অৰুণাচল পূব), ড° ইন্দ্ৰ হাং চুব্বা (ছিকিম), কৰিমগঞ্জৰ কৃপানাথ মাল্লা (অসম) আৰু এছ. ফাংনন কন্যাকে (নাগালেণ্ড) অংশগ্ৰহণ কৰে। - [Peerless Hospital : হৃদৰোগৰ প্ৰাথমিক লক্ষণ চিনিবলৈ মহিলাসকলক আহ্বান পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ](https://sangbad365.com/peerless-hospital-%e0%a6%b9%e0%a7%83%e0%a6%a6%e0%a7%b0%e0%a7%8b%e0%a6%97%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%a5%e0%a6%ae%e0%a6%bf%e0%a6%95-%e0%a6%b2%e0%a6%95%e0%a7%8d%e0%a6%b7/): গুৱাহাটী, আগষ্ট ২৫, ২০২৬ : নীৰৱ ঘাতকৰ ৰূপ লৈ অহা হৃদৰোগে (Heart Disease) কেৱল পুৰুষকে লক্ষ্য কৰি লয় বুলি সমাজত এক ভুল ধাৰণা চলি আহিছে যদিও মহিলাৰ দেহাটো ই সমানেই জটিল আৰু সংকটজনক কাৰ্ডিঅ’ভাস্কুলাৰ স্থিতিৰ সৃষ্টি কৰিব পাৰে। হৃদৰোগজনিত জৰুৰী অৱস্থা বুলি ক’লেই মনলৈ অহা বুকুৰ সেই অসহ্য, তীব্ৰ বিষ অনুভৱ নোহোৱাকৈও নিঃশব্দে মহিলাৰ দেহত খোপনি পুতিব পাৰে মাৰাত্মক হৃদৰোগে। বিশেষকৈ ৰজোনিবৃত্তিৰ জটিল সময়ছোৱাত মহিলাসকলে এই ৰোগৰ সম্ভাৱ্য বিপদ আৰু ইয়াৰ অস্বাভাৱিক সতৰ্কবাণীসমূহ সঠিকভাৱে বুজি উঠাটো অত্যন্ত জৰুৰী বুলি বিশেষভাৱে আঙুলিয়াই দিছে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। - [NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধকৰ দ্বাৰা জিৰিবাম-ইম্ফল নতুন ৰে’লপথ প্ৰকল্পৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ পৰিদৰ্শন](https://sangbad365.com/north-east-frontier-railway-inspection/): নিউজ ডেস্ক, ২৫ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালে শেহতীয়াকৈ গুৰুত্বপূৰ্ণ জিৰিবাম-ইম্ফল নতুন ৰে’লপথ প্ৰকল্পৰ অধীনত জিৰিবাম-খোংচাং, খোংচাং-আৱাংখুল আৰু আৱাংখুল-ইম্ফল অংশসমূহ পৰিদৰ্শন (Inspection) কৰে। তেওঁ চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে প্ৰকল্পটোৰ ৰে’লপথৰ কাষে কাষে থকা গুৰুত্বপূৰ্ণ ৰে’লৱে আন্তঃগাঁথনিমূলক কামসমূহৰ স্থিতি পৰ্যালোচনা কৰে। আশীষ বানছালে য়াৰ্ডসমূহৰ অন্তৰ্ভুক্তিৰে খোংচাং-আৱাংখুল খণ্ডটোও পৰিদৰ্শন কৰে। খোংচাং-আৱাংখুল খণ্ডৰ য়াৰ্ডসমূহকে ধৰি বিভিন্ন অংশ পৰিদৰ্শন কৰি বিশেষকৈ অক্টোবৰ, ২০২৬ ত পৰিকল্পিত চিআৰএছ পৰিদৰ্শনৰ বাবে প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সুৰংগ নং ২৮ আৰু ১২ পৰিদৰ্শন কৰি প্ৰকল্পটোৰ সুৰংগ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। - [Green Energy : সেউজ শক্তিৰ ক্ষেত্ৰত ৪২.১ মেগাৱাট সৌৰশক্তি ক্ষমতা অৰ্জনেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বৃহৎ সাফল্য](https://sangbad365.com/north-east-frontier-railway-green-energy/): নিউজ ডেস্ক, ২৪ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) সেউজ শক্তি আৰু বহনক্ষম ৰে’ল পৰিচালনৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে ইয়াৰ বিভিন্ন মণ্ডল আৰু ইউনিটত সৌৰ শক্তিৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। সেউজ শক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে, ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুলাইলৈ ২৩.৭ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপন কৰা হৈছে, যি ভাৰতীয় ৰে’লৱেৰ সকলো সংমণ্ডনৰ ভিতৰত সৰ্বাধিক। এই সাফল্যৰ ফলত, ২০১১ চনত আৰম্ভ হোৱা সৌৰীকৰণ কাৰ্যসূচীৰ পৰা জুলাই ২০২৬ পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ স্থাপিত সৌৰ শক্তি ক্ষমতা ৪২.১ মেগাৱাটত উপনীত হৈছে।  - [Durand Cup : ইডমুণ্ড লালৰিনডিকাৰ হেট্ৰিকৰে ডুৰাণ্ড কাপৰ খিতাপ জয় ইষ্ট বেংগলৰ](https://sangbad365.com/east-bengal-win-durand-cup/): নিউজ ডেস্ক, ২৪ আগষ্ট, ২০২৬ : মিজোৰামৰ ষ্ট্ৰাইকাৰ ইডমুণ্ড লালৰিনডিকাৰ হেট্ৰিকৰে ইষ্ট বেংগল এফ চিয়ে (East Bengal FC) ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত দেওবাৰে হোৱা ফাইনেল মেচখনত ইষ্ট বেংগল এফ চিয়ে ৪-১ গ'লত মোহন বাগান ছুপাৰ জায়েণ্টক বিধ্বস্ত কৰি খিতাপ জয় কৰে৷ - [Durand Cup : আজি ডুৰাণ্ড কাপৰ ফাইনেল মেচত ইষ্ট বেংগল আৰু মোহন বাগান](https://sangbad365.com/durand-cup-final-in-kolkata/): নিউজ ডেস্ক, ২৩ আগষ্ট, ২০২৬ : ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন আজি অনুষ্ঠিত হ’ব৷ ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক তথা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ পঞ্চম পুৰণি ফুটবল (Football) প্ৰতিযোগিতাখনৰ খিতাপৰ বাবে অৱতীৰ্ণ হ’ব কলকাতাৰ দুই ক্লাব ইষ্ট বেংগল এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট৷ স্থানীয় সময় অনুসৰি আবেলি পাঁচ বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত ফাইনেল মেচখন অনুষ্ঠিত হ’ব৷ - [Guwahati : গুৱাহাটীত এছ আই এ-ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় মহাকাশ উদ্যোগ আলোচনাৰ আয়োজন](https://sangbad365.com/space-meeting-in-guwahati/): গুৱাহাটী, ২২ আগষ্ট, ২০২৬ : দেশৰ ভৱিষ্যত মহাকাশ অভিযান আৰু প্ৰযুক্তিৰ যাত্ৰাত এক নিৰ্ণায়ক ভূমিকা ল’ব উত্তৰ-পূৰ্বাঞ্চলে (North East)। এই উদ্দেশ্য আগত ৰাখি অহা ২৬ আৰু ২৭ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’ব এক বিশেষ ৰাষ্ট্ৰীয় কৰ্মশালা। স্পেচ ইণ্ডাষ্ট্ৰী এছ'চিয়েচন অৱ ইণ্ডিয়া (এছআইএ- ইণ্ডিয়া) আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ চমুকৈ নেচাকৰ যৌথ সহযোগিতাত অসম ৱাটাৰ চেণ্টাৰস্থিত ফ্ৰেমাৰ প্ৰাংগণত আয়োজিত হ'ব 'নৰ্থইষ্ট ইণ্ডিয়া স্পেচ ৱৰ্কশ্বপ ২০২৬'। এই গুৰুত্বপূৰ্ণ বৈঠকত চৰকাৰী বিভাগ, প্ৰতিৰক্ষা, মহাকাশ, দূৰসংযোগ, উদ্যোগ, ষ্টাৰ্ট-আপ, বিনিয়োগ, শৈক্ষিক ক্ষেত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ ২০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। - [Sunday : দেওবাৰে অসম প্ৰিমিয়াৰ লীগৰ ফাইনেলত গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ](https://sangbad365.com/assam-premier-league-final-on-sunday/): গুৱাহাটী, ২২ আগষ্ট, ২০২৬ : উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ (Assam Premier League) ফাইনেল মেচখন গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছৰ মাজত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমিফাইনেলত গুৱাহাটী ৰয়েলছে সাত উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত হোৱা মেচখন বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ পলমকৈ অনুষ্ঠিত হয়৷ সেয়ে অভাৰ হ্ৰাস কৰি ২০ ৰ পৰিবৰ্তে ১১ কৰা হয়৷ - [Durand Cup : ডুৰাণ্ড কাপৰ ফাইনেলত ইষ্ট বেংগল-মোহন বাগান ছুপাৰ জায়েণ্ট](https://sangbad365.com/east-bengal-and-mohan-bagan-in-durand-cup-final/): নিউজ ডেস্ক ২১ আগষ্ট, ২০২৬ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ (North East United FC) ডুৰাণ্ড কাপ জয়ৰ হেট্ৰিক অৰ্জনৰ আশাত চেচাপানী পৰিল৷ যোৱা ছিজনত অনিৰুদ্ধ ধাৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেডৰ অশ্বমেধৰ ঘোঁৰা স্থবিৰ হয় মেঘালয়ৰ ভূমিত৷ উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলে৷ - [Assam Flood : অসমৰ বান পৰিস্থিতিৰ অব্যাহত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ‘ডিফলু’ৰ মুক্তি পিছুৱালে বৰলুইট প্ৰডাকচনছে](https://sangbad365.com/diflu-release-date-prospond-due-to-flood-situation/): গুৱাহাটী, ২০ আগষ্ট, ২০২৬ : বৰলুইট প্ৰডাকচনছে তেওঁলোকৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ (Assamese Movie) ‘ডিফলু’ৰ ছবিগৃহত মুক্তি পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছবিখন ২১ আগষ্ট, ২০২৬ ত মুক্তি দিয়াৰ কথা আছিল। অসমৰ কেইবাটাও অঞ্চলত বানৰ পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে যদিও বানৰ ফলত সৃষ্টি হোৱা ধ্বংসলীলাৰ প্ৰভাৱ এতিয়াও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ## Pages - [News feed](https://sangbad365.com/news-feed/) - [Home](https://sangbad365.com/): Read more - [Privacy Policy](https://sangbad365.com/privacy-policy/): Our website address is: . - [About Us](https://sangbad365.com/about-us/): Sangbad365 is a 24x7 Assamese and Hindi  news portal run by "DIGITAL MEDIA ENTERTAINMENTS" covering Assam and Northeast India. Sangbad365 offers latest national and international news and information on current affairs, politics, entertainment and fashion industry, health, career, lifestyle etc both print and video format. - [Contact Us](https://sangbad365.com/contact-us/): Asrar Ansari ## Stories - [Quote of the Day](https://sangbad365.com/web-stories/quote-on-food/): A general quote. ## Tags - [Byatikram](https://sangbad365.com/tag/byatikram/) - [Shiladitya Dev](https://sangbad365.com/tag/shiladitya-dev/) - [Varun Gandhi](https://sangbad365.com/tag/varun-gandhi/)