গুৱাহাটী, ২৬ জুলাই, ২০২৪ : জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক কেনি বসুমতাৰীৰ হৃদয়স্পৰ্শী অসমীয়া একচন-কমেডি চলচ্চিত্ৰ শৃংখলা, লোকেল কুংফুৱে সকলোৰে বাবে এক বিশেষ বিপণন সামগ্ৰীৰ পৰিসৰ আগবঢ়াবলৈ সাজু হৈছে। চলচ্চিত্ৰখনৰ আটাইতকৈ বিখ্যাত সংলাপ আৰু চৰিত্ৰসমূহৰ বিষয়বস্তুৰে ভৰি থকা বিভিন্ন সামগ্ৰীৰ এখন প্ৰতিশ্ৰুতিপূৰ্ণ বিপণী সমগ্ৰ দেশৰ অনুৰাগীসকললৈ আগবঢ়াই দিয়া এই পৰিকল্পনাটো অসমীয়া চলচ্চিত্ৰ উদ্যোগত (Assamese Film Industry) এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

প্ৰায় এক দশক পূৰ্বে মুক্তিলাভ কৰা লোকেল কুংফু চলচ্চিত্ৰখনে আৰম্ভণিৰেপৰাই দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰি আহিছে। বৰ্তমান দৰ্শকসকলে একচন আৰু কমেডিৰ অভিনৱ উদ্ভাৱনীমূলক সংমিশ্ৰণেৰে তথাকথিত ধাৰণাৰ পৰিসৰ পাৰ হৈ দৰ্শকৰ সমুখত নতুনত্বৰ জোৱাৰ তোলা এই শৃংখলাৰ নতুন চলচ্চিত্ৰ (লোকেল কুংফু ৩)ৰ বাবে অপেক্ষা কৰি আছে। ৫ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে মুক্তি পাবলগীয়া চলচ্চিত্ৰখনৰ বাবে পূৰ্ণোদ্যমে প্ৰচাৰকাৰ্য চলি আছে। “মানুহে আমাক সঘনাই টি-চাৰ্ট আদিৰ বিষয়ে সুধি থাকে। এতিয়া তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ পছন্দৰ সামগ্ৰীসমূহ অৰ্ডাৰ দিব পাৰিব।” কেনি বসুমতাৰীয়ে কয়।

অনুৰাগীসকলে (GOGOPOGO.AI/LKF3) (http://GOGOPOGO.AI/LKF3)ত সামগ্ৰীসমূহৰ বিস্তৃত পৰিসৰ চাব পাৰিব। ইয়াত পোছাক, গৃহসজ্জাৰ লগতে অন্যান্য আনুষঙ্গিক সামগ্ৰী উপলব্ধ আৰু সকলোবোৰ সামগ্ৰী চিনেমাখনৰ দৃষ্টিভঙ্গীৰ সৈতে খাপ খোৱাকৈ ডিজাইন কৰা হৈছে। সামগ্ৰীসমূহৰ এই পৰিসৰৰ ভিতৰত ষ্টিকাৰ পেক, পপ টি-চাৰ্ট, ক্ৰপ টপ, জিম ভেষ্ট, ৱান্দানা মাস্ক, হুডি, চুৱেটশ্বাৰ্ট, টোট ইকো-ফ্ৰেণ্ডলী বেগ, চিপাৰ, কফি মগ, কোষ্টাৰ, লেপটপ স্লিভ, গেমিং পেড, নোটপেড, জিগছ পাজল, কুশ্বন কভাৰ, আৰু পোষ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে। “কল্পনা কৰকচোন, ৰাতিপুৱা সেই বিখ্যাত সংলাপ ‘য’তে-ত’তে যি টি কথা নক’বা’ বুলি লিখা কফি মগ এটা লৈ সাৰ পাই দিনটোৰ বাবে এক সচেতনবাণী মনত সুমুৱাই লোৱা বা আপোনাৰ প্ৰিয় চৰিত্ৰ বঞ্জোৰ টি-চাৰ্ট পিন্ধি বন্ধুসকলৰ সৈতে বহি কোৱা, ‘খামোছ, আৱাজ নিছে’ বা ‘হ’ব দে’, যিয়ে নিশ্চিতভাৱে কিছু হাস্যৰসময়ী কথা-বতৰা আৰু হাঁহিৰ সূচনা কৰিব। এই বিশেষ সামগ্ৰীৰ সংগ্ৰহটোৱে প্ৰেমিক-প্ৰেমিকাসকলক তেওঁলোকৰ দৈনন্দিন কাম-কাজত চিনেমাখনৰ অনুভৱক সংমিশ্ৰিত কৰাৰ সুযোগ দি অধিক আমেজমধুৰ তথা পৰিঘটনাপূৰ্ণ দিন এটা প্ৰদান কৰিব”, গোগোপোগোৰ ব্যৱসায়ী আৰু অনুমোদিত বিক্ৰেতা ক্লিণ্টন গগৈয়ে কয়।

বিপণনৰ প্ৰতি লক্ষ্য ৰাখি সংগ্ৰহটোৰ ক্ষেত্ৰত কম্বো পেক্‌ ডিজাইন কৰা হৈছে। এগৰাকী অনুৰাগীয়ে তিনিটা টিৰ পেক্‌, তিনিখন পোষ্টাৰ, ডেড্‌ এণ্ড কিড্‌ টি কম্বো পেক্‌, কাপল পেক্‌, আৰু ফেমিলি গিফ্ট পেক্‌ আদি কম্বো ক্ৰয় কৰিব পাৰে। এই কম্বোবোৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে উপযুক্ত হোৱাৰ সমান্তৰালকৈ বন্ধু আৰু পৰিয়ালৰ বাবেও এক উৎকৃষ্ট উপহাৰ হ’ব পাৰে। লোকেল কুংফু ৩ৰ এই বিপণন সামগ্ৰীৰ সংগ্ৰহটো অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আই আই এম শ্বিলঙৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গুৱাহাটী-ভিত্তিক সামাজিক বাণিজ্য মঞ্চ গোগোপোগোৰ সহযোগিতাত অনুৰাগীসকলৈ আগবঢ়োৱা হৈছে। গোগোপোগোৱে ব্যক্তি আৰু ব্যৱসায়ক অনলাইনত সহজে বিশিষ্ট শৈলীৰ সামগ্ৰী বিক্ৰী কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

ইয়াত সা-সামগ্ৰী, প্ৰযুক্তি, পৰিশোধ, বিতৰণ আৰু গ্ৰাহক সেৱাৰ সৈতে সম্পৰ্কিত সকলো সমস্যাৰ সমাধান কৰা হয় যাতে দোকানৰ স্বত্বাধিকাৰীসকলে উৎকৃষ্ট ডিজাইন আৰু উন্নত বিপণন ৰণনীতি সৃষ্টি কৰাৰ ওপৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰে। এই সংগ্ৰহৰ টি-চাৰ্টবোৰৰ মূল্য ৩৯৯ টকাৰ পৰা আৰম্ভ হয় আৰু বেছিভাগ সামগ্ৰী ১৯৯ টকাৰ পৰাই ক্ৰয় কৰিব পৰা যায়, যিয়ে সকলো বৰ্গৰ অনুৰাগীক এই বিশেষ সামগ্ৰীসমূহ আপোন কৰিবলৈ সক্ষম কৰি তোলে।