বৰপেটাৰোড, ২ ডিচেম্বৰ: বৰপেটাৰোডত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মেঘালয়ৰ লুংফৈ অঞ্চলৰ ১৬ বছৰীয়া লালুং সম্প্ৰদায়ৰ এগৰাকী যুৱতী বৰপেটাৰোডলৈ আহিছিল প্ৰেমীকক লগ পাবলৈ। সেই মৰ্মে দিনৰ ১২ মান বজাত উপস্থিত হৈ বৰপেটাৰোডৰ সঞ্জীত দাস বুলি পৰিচয় দি অহা প্ৰেমীকজনক লগ ধৰে। দুয়ো চহৰখনত ঘূৰা পকা কৰি আবেলি শিমলাগুৰীৰ এখন চাহৰ দোকানত সোমায়। তাতেই যুৱতীগৰাকীয়ে তেওঁৰ মোবাইলটোৰ চাৰ্জ নোহোৱা বুলি যুৱকজনক কোৱাত যুৱকজনে মোবাইলটো চাৰ্জ দিম বুলি কৈ যুৱতীগৰাকীৰ মানি বেগটোও কৌশলেৰে লৈ যায়। যুৱতীগৰাকীৰ প্ৰায় দুহেজাৰ টকা আছিল বেগটোত। ভালকৈ অসমীয়া কথা কব নোৱাৰা যুৱতীগৰাকীয়ে দীৰ্ঘ সময় অপেক্ষা কৰাৰ পিছতো যুৱকজন উভতি নহাত শেষত অপেক্ষা কৰি কৰি কান্দিবলৈ ধৰে। এই কথা স্থানীয় লোকৰ দৃষ্টি গোচৰ হোৱাত বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীয়ে যুৱতীগৰাকীক থানালৈ লৈ আনে। মহিলা আৰক্ষীয়ে সোধপোছ কৰাত যুৱতী গৰাকীয়ে জনায় যে, যুৱকজনৰ সৈতে তেওঁৰ দুমাহ পূৰ্বে মোবাইল যোগে যোগাযোগ হৈ এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। যুৱকজনৰ অনুৰোধ মৰ্মে আজি তেওঁক লগ ধৰিব আহি এনেদৰে লটিঘটি হ’বলগা হোৱাত হতাশাত ভুগিছে যুৱতীগৰাকী।