গুৱাহাটী : বৃহস্পতিবাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অর্জন কৰা অসম কন্যা লাভলীনা বৰগোঁহাই। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে উচুপি উঠে লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত অসমবাসীক সোণৰ পদক আজুৰি আনি দিবলৈ সক্ষম নোহোৱাৰ বাবে উচুপি উঠে লাভলীনা বৰগোঁহাই।

গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ লাভলীনা বৰগোঁহাইয়ে কয় “টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জন কৰিব নোৱাৰাৰ বাবে মই সুখী নহয়। সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হ’লে মই বেছি সুখী হ’লোহেঁতেন”। সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰি আৱেগিক হৈ উচুপি উঠে টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ গৰাকী।

লাভলীনা বৰগোঁহাইয়ে অসমবাসী ৰাইজৰ মৰমৰ আৰু আশীৰ্বাদৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত দেশ তথা অসমবাসী ৰাইজৰ বাবে সোণৰ পদক আজুৰি অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলিও কয় লাভলীনা বৰগোঁহাইয়ে। নিজ মাতৃভুমিত আহি উপস্থিত হোৱাৰ পিছতে লাভলীনা বৰগোঁহাইক উষ্ম আদৰণি জনোৱা হয়।

বৰঝাৰ বিমান বন্দৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা উষ্ম আদৰণী জনোৱা হয় টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাইক। বিমান বন্দৰত লাভলীনা বৰগোঁহাই উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণী জনায় বক্সাৰ গৰাকীক। বিমান বন্দৰৰ বাহিৰত উপস্থিত লাভলীনা বৰগোঁহাইক অজশ্ৰ গুনমুগ্ধই আদৰণী জনায়।