গুৱাহাটী : টকিঅ’ অলম্পিকত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম নোহোৱাৰ বাবে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে লাভলীনা বৰগোঁহাইয়ে। টকিঅ’ অলম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ২০২৪ ৰ পেৰিচ অলিম্পিকত সোণৰ পদক আজুৰি অনাৰ কথা দিলে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত লাভলীনা বৰগোঁহাই অলিম্পিক পদক অর্জন কৰি গৃহভূমিত উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে লাভলীনাক উষ্ম আদৰণি জনোৱা হয়। বৰঝাৰৰ পৰা লাভলীনাক আদৰি আনিবলৈ উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৰঝাৰ বিমান বন্দৰৰ পৰা আহি হোটেল তাজ বিভান্টাত জিৰণি লোৱাৰ পিছতে লাভলীনা বৰগোঁহাই উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে সম্বৰ্ধনা জনোৱা হয় অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক।

সম্বৰ্ধনা অনুষ্ঠানত লাভলীনাই প্ৰথমে অসমবাসী ৰাইজৰ মৰম, চেনেহ আৰু আশীৰ্বাদৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পিছতে লাভলীনাই টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। লাভলীনাই পেৰিচ অলিম্পিকত সোণৰ পদক আজুৰি অনাৰ কথাই দিয়ে।

ইফালে অসমৰ প্ৰথম গৰাকী অলিম্পিক পদক বিজয়ী খেলুৱৈ গৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ ফালৰ পৰা লাভলীনাক ১ কোটি টকাৰ উপহাৰৰ লগতে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ পদত যোগদান কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই।

মুখ্যমন্ত্ৰীয়ে লগতে পেৰিচ অলিম্পিকৰ বাবে অনুশীল চলাই যাবলৈ লাভলীনাক প্ৰতি মহে ১ লাখ টকাৰ জলপানী প্ৰদান কথাও ঘোষণা কৰে। লাভলীনাৰ গৃহভূমি সৰুপথাৰত ২৫ লাখ টকাৰে লাভলীনাৰ নামত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ আৰু লাভলীনাৰ চাৰি গৰাকী প্ৰশিক্ষকক ১০ লাখ টকা দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।