গুৱাহাটী, সংবাদ ৩৬৫, ১৭জুন : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ।গুৱাহাটীতো চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

উল্লেখযোগ্য যে এন এইচ পি চিৰ দ্বাৰা নিৰ্মিত ২০০০ মেগৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰী জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণৰ কাম ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা বন্ধ হৈ আছিল। এই বৃহৎ নদীবান্ধটোৱে অসমৰ লক্ষীমপুৰ, ধেমাজি, মাজুলীত বৃহৎ ক্ষতি কৰাৰ লগতে নদীৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি বিশেষভাৱে ভাবুকি কঢ়িয়াই আনিব। ইতিমধ্যে এই নদীবান্ধৰ স্থান আৰু নিৰ্মাণৰ কাৰিকৰী নক্সা তথা নিৰ্মান শৈলী ক্ৰুটিপূৰ্ণ বুলি সকলো বিশেষজ্ঞ সমিটিয়ে স্বীকাৰ কৰিছে।

ইফালে বান্ধটোৰ বিৰুদ্ধে অসমৰ জাতীয় সংগঠনৰ নেতৃত্বত হোৱা গণ আন্দোলনে শীর্ষ পৰ্য্যায়ত উপনীত হোৱাৰ পাছত বৃহৎ নদী বান্ধৰ কাম বন্ধ হৈ আছিল। কিন্তু শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ ৰাজ্যপালে বিধানসভাত এই প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰোপৰি এই বিষয়টোৰ কোনো মীমাংসা নোহোৱাকৈয়ে এন এইচ পি চিয়ে নিবিদা আহ্বান কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই কামক অবৈধ প্ৰচেষ্টা আখ্যা দি অতি শীঘ্ৰেই প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ দাবী জনায়। ইয়াৰোপৰি মুখ্যমন্ত্ৰীলৈ উক্ত বিষয়টোৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।