নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ জুলাই : আজিৰে পৰা কমিব ৰন্ধন গেছৰ মূল্য । ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দৰ হ্ৰাস কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজসাহায্যবিহীন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোতে কমিছে ১০০.৫০ টকা।

পূৰ্বতে ৰাজসাহায্যবিহীন চিলিণ্ডাৰ প্ৰতিটোৰ মূল্যৰ ৭৩৭.৫০ টকাৰ পৰিৱৰ্তে এতিয়া এল পি জি চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত হ’ব ৬৮১.৫০ টকা, দিল্লীত ৬৩৭ টকা, কলকাতাত ৬৬৩ টকা, মুম্বাইত ৬০৯ টকা আৰু চেন্নাইত ৬৫২.৫০ টকা।

স্বাভাৱিকতেই ৰন্ধন গেছৰ মূল্য ১০০.৫০ টকা হ্ৰাস পোৱাত সকাহ পাব জনসাধাৰণে ।