সংবাদ ৩৬৫, ১৪ মাৰ্চ : মহাৰাষ্ট্ৰত ৫ আৰু উত্তৰ প্ৰদেশত ১৬ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। উক্ত তালিকাত কংগ্ৰেছে ললিতেশ পতি ত্ৰিপাঠীক সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰাজেন্দ্ৰ বিন্দৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

ইফালে,উত্তৰ প্ৰদেশৰ নাগিনা সমষ্টিত ওমৱতী দেৱী জথাৱ, মুৰাদাবাদত ৰাজ বাব্বৰ, খেড়ীত জাফৰ আলী নাকভী, চুলতানপুৰত অজয় সিং, সীতাপুৰত কৈশৰ জাহান, মিশ্ৰিখত মঞ্জৰী ৰাহি, মোহনলালগঞ্জত ৰামশংকৰ ভাৰ্গৱ, প্ৰতাপগড়ত ৰত্না সিং, কাণপুৰত শ্ৰীপ্ৰকাশ জয়ছোৱাল, ফাতেহপুৰত ৰাকেশ শচন, বহৰাইচত সাবিত্ৰী ফুলে, লালগঞ্জত পংকজ মোহন সোণকৰ, মিৰ্জাপুৰত ললিতেশ পতি ত্ৰিপাঠী আৰু ৰবাৰ্টছগঞ্জত ভগৱতী প্ৰসাদ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

আনহাতে, মহাৰাষ্ট্ৰৰ নাগপুৰত নানা পাটোলে, গডচিৰোলী চিমুৰত নামদেৱ দল্লুজী উছেণ্ডী, মুম্বাই নৰ্থত প্ৰিয়া দত্ত, মুম্বাই ছাউথত মিলিন্দ মুৰলী দেওৰা আৰু ছোলাপুৰত সুশীল কুমাৰ সিন্ধেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।