গুৱাহাটী, ১৫ মে’, ২০২৫ : ৰে’লৱে সুৰক্ষা আৰু আন্তঃগাঁথনিৰ স্থিতিস্থাপকতা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অন্তৰ্গত অসমৰ লামডিং-বদৰপুৰ পাৰ্বত্য শাখাৰ ভূমিস্খলন, পানী নিষ্কাশনৰ সমস্যা আৰু বান্ধৰ স্থিৰতাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। ডিমা হাচাও আৰু কাছাৰ জিলাৰ পাৰ্বত্য ভূ-প্ৰাকৃতিক অঞ্চলসমূহেৰে পাৰ হৈ যোৱা এই ৰে’লখণ্ডটোৱে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু অসমৰ বৰাক উপত্যকাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে। জটিল ভূ-প্ৰাকৃতিক পৰিৱেশ আৰু অত্যধিক বৃষ্টিপাতৰ পৰিস্থিতিৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই পথছোৱা বিশেষভাৱে সংকটাপন্ন কৰি তোলে যাৰ ফলত প্ৰায়ে ৰে’ল পৰিবহন ব্যাহত হয় আৰু যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পৰে।

এই প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই কিঃমিঃ-৪৫ৰ পৰা কিঃমিঃ-১২৫লৈ ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰ্বত্য শাখাত এক বিস্তৃত আকাশীয় আৰু ভূ-ভৌগলিক জৰীপ আৰম্ভ কৰিছে। এই পদক্ষেপত উন্নত ড্ৰ’ন-ভিত্তিক লিডাৰ (লাইট ডিটেক্সন এণ্ড ৰেঞ্জিং), উচ্চ-ৰিজ’লিউচনৰ এৰিয়েল ইমেজিং আৰু ইলেক্ট্ৰ’মেগনেটিক সমীক্ষা ব্যৱহাৰ কৰা হৈছে। এই সমীক্ষাই ২ চেণ্টিমিটাৰ ৰিজ’লিউচনৰ লিডাৰ অৰ্থ’ফটো, থাৰ্মেল ইমেজিং আৰু ডিজিটেল এলিভেচন মডেল সংগ্ৰহ কৰিছে, যিয়ে ভূ-আকৃতি, ঢালৰ স্থিৰতা আৰু ভূমিৰ বিকৃতিৰ বিষয়ে বিৱৰণমূলক তথ্য প্ৰদান কৰে। আকাশীয় জৰীপৰ সৈতে সংগতি ৰাখি ক্ষতিগ্ৰস্ত ঢাল আৰু ৰে’লপথৰ সমীপত গ্ৰাউণ্ড পেনেট্ৰেটিং ৰাডাৰ(জিপিআৰ), ট্ৰেঞ্জিয়েণ্ট ইলেক্ট্ৰ’মেগনেটিক জৰীপ, ইলেক্ট্ৰিকেল ৰেজিষ্টিভিটি ট’ম’গ্ৰাফী আৰু ছিছমিক ৰিফ্ৰেকচন টেষ্টিং(এছআৰটি) ব্যৱহাৰ কৰা হৈছে।

এই ভূ-ভৌগলিক পদ্ধতিসমূহে মাটিৰ তলৰ ফাট, মাটিৰ পৰিপূৰ্ণ অঞ্চল আৰু তলত পানী সংগ্ৰহ হোৱা অঞ্চল চিনাক্ত কৰাত সহায় কৰিছে, যাৰ ফলত সম্ভাৱ্য ভূমিস্খলনৰ প্ৰৱণ অঞ্চল আৰু মথাউৰিৰ অস্থিৰতা আগতীয়াকৈ চিনাক্ত কৰিব পৰা সম্ভৱ হৈছে।
সুৰংগসমূহৰ সুৰক্ষা আৰু গাঁথনিগত দঢ়তা নিশ্চিত কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ স্থানসমূহত টেৰেষ্ট্ৰিয়েল লেজাৰ স্কেনিং সম্পন্ন কৰা হৈছে, যাৰ অন্তৰ্গত ২০ নং স্থানত ৭৫০ মিটাৰ দৈঘ্যৰ এটা সুৰংগ আছে। এই ৩৬০ ডিগ্ৰী লেজাৰ স্কেনিং কৌশলে বিকৃতি, জইণ্টৰ বিচ্যুতি, আৰু পানীৰ প্ৰৱেশ ধৰা পেলোৱাৰ ক্ষেত্ৰত চেণ্টিমিটাৰ পৰ্যন্ত সূক্ষ্ণতাৰে বিৱৰণ প্ৰদান কৰে। যিয়ে আগতীয়াকৈ প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ আৰু দীৰ্ঘম্যাদী কাৰ্যকৰী পৰিকল্পনাৰ বাবে সহায়ক। দলং আৰু সুৰংগৰ প্ৰৱেশপথত ড্ৰোনত সংলগ্ন গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰ ব্যৱহাৰ কৰি ভূগৰ্ভৰ তলৰ বিজুতি যেনে খালী ঠাই, খাদ আৰু বিচ্ছিন্নতা চিনাক্ত কৰা হৈছে। এই তথ্যসমূহ ভূমিস্খলন বা মাটিৰ গতিবিধিৰকাৰণসমূহ বুজিবলৈ গুৰুত্বপূৰ্ণ আৰু এই সকলো তথ্যই অৱকাঠামোগত বিপৰ্যয় ৰোধ কৰিবলৈ লক্ষ্যভিত্তিক অভিযান্ত্ৰিক হস্তক্ষেপৰ বাবে এক আধাৰ ৰূপে কাম কৰে।

ভূমিস্তৰৰ জৰীপৰ উপৰিও উত্তৰ-পূব সীমান্ত ৰে’লৱেই জিআইএছ আৰু ৰিম’ট চেন্সিং প্ৰযুক্তিৰ সহায় লৈ গতিশীল ভূমিস্খলনৰ সংবেদনশীলতাৰ নক্সা প্ৰস্তুত কৰিছে। এই নক্সাসমূহে ঢালৰ কোণ, মাটিৰ গুণগত বৈশিষ্ট্য, গছ-গছনিৰ আৱৰণ আৰু জলবিজ্ঞানৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি অঞ্চলসমূহক নিম্নৰ পৰা উচ্চ সতৰ্কতা স্তৰলৈ শ্ৰেণীভুক্ত কৰে। এই সামগ্ৰিক আৰু প্ৰযুক্তিগতভাৱে উন্নত পদ্ধতিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সম্পত্তি, যাত্ৰী আৰু কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰতিফলন। আকাশীয় গৱেষণা, আধুনিক তথ্য সংগ্ৰহ প্ৰযুক্তি, ভূ-ভৌগলিক পদ্ধতি আৰু ডিজিটেল মডেলিংক একত্ৰিত কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেৱল সাম্প্ৰতিক নিৰীক্ষণ আৰু বিপদৰ মূল্যায়ন উন্নত কৰাই নহয়, সমগ্ৰ উত্তৰ-পূবাঞ্চলত আৰু অধিক সুৰক্ষিত তথা সু-নিৰ্মিত ৰেলৱে নেটৱৰ্ক গঢ়ি তোলাৰ দিশত আগবাঢ়ি গৈছে।