নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ, ২০২৪ : সোণাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে আজি নিজৰ বাসগৃহত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লুৰীণজ্যোতি গগৈয়ে কয় “চৰকাৰী মাটি, জনজাতীয় আৱেষ্টনি, পি জি আৰ-বি জি আৰ, প্ৰাকৃতিক জলাশয় আদিত বেদখল কোনো অৱস্থাতে সমৰ্থন কৰিব নোৱাৰি, তেনে বেদখল উচ্ছেদ হ’বই লাগিব৷ কিন্তু কচুতলিত হোৱা উচ্ছেদ আইন মতে হোৱা নাই৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কচুতলিত উচ্ছেদ কৰা হৈছে৷”

লুৰীণজ্যোতি গগৈয়ে কয় যে চুমি বৰা প্ৰসংগৰে, স্মাৰ্ট মিটাৰ বিৰোধী ক্ষোভ দবাই ৰাখিব নোৱাৰি নতুন ইছ্যু সৃষ্টিৰ প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনৰ দ্বাৰা এই উচ্ছেদ কৰোৱাইছে৷ উচ্ছেদৰ সময়ত একে ট্ৰাইবেল বেল্টৰ মাটিত ঘৰ সজা এটা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰিছে অথচ আন এটা বিশেষ জনগোষ্ঠীৰ লোকক ৰেহাই দিছে৷ এইদৰে চৰকাৰে বেদখলকাৰীকো ধৰ্ম-ভাষাৰ ভিত্তিত বিভাজন কৰিছে৷ কচুতলিৰ যি ঠাইত উচ্ছেদ কৰিছে, তাত মানুহে দশক দশক ধৰি বসবাস কৰি আহিছে৷ বিজেপি চৰকাৰে তেওঁলোকৰ চৰকাৰ গঠনৰ বিগত চাৰে আঠ বছৰে এই বেদখল কিয় নেদেখিলে? এতিয়া ট্ৰেডিংকাণ্ডক লৈ চৰকাৰ যেতিয়া সংকটত পৰিছে, স্মাৰ্ট মিটাৰৰ যন্ত্ৰণাই মানুহক ক্ষোভিত কৰি ৰাখিছে, তেনেকুৱা সময়ত ৰাজ্যত পুনৰ এটা সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰাৰ প্ৰয়োজনত এনেদৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদৰে মানৱাধিকাৰ হৰণ কৰিছে৷

কাজিৰঙাত বাংলাদেশী বুলি হৈচৈ কৰি উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক চৰকাৰে ৭ লাখকৈ টকা ক্ষতিপূৰণ দিছে৷ বটদ্ৰৱা আৰু গৰুখুটিৰ উচ্ছেদিত লোককো আদালতৰ নিৰ্দেশত উপযুক্ত ক্ষতিপূৰণ দিছে৷ যদি ৰাজকোষৰ পৰা ক্ষতিপূৰণেই দিব লাগে তেনেহ’লে উচ্ছেদ কৰাৰ অৰ্থ কি থাকিল৷ আইন মতে উচ্ছেদ নকৰাৰ বাবেই আদালতে ক্ষতিপূৰণ দিবলৈ হুকুম দিছে৷ কচুতলিতো আইন তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ কৰিছে৷ উচ্ছেদৰ সময়ত নিৰ্বোধ শিশুৰ ওপৰত গুলীয়াই গুপ্তাংগ ভেদ কৰি দিছে৷ এনে অমানৱীয় কাম কৰাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে৷ তাৰ মানে চৰকাৰে মানুহক উচটাইছে৷ ই ভয়ানক সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।

অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় উচ্ছেদ হ’ব লাগিব, কিন্তু আইন অমান্য কৰি নহয়৷ উচ্ছেদস্থলীত উপস্থিত হৈ যিসকল নেতাই ডিঙিৰ শিৰ ফুলাই আকবৰুদ্দিন অৱেছীৰ দৰে সাম্প্ৰদায়িক উচটনিমূলক বক্তব্য প্ৰদান কৰিছে, তেওঁলোকে কাৰ ইচাৰাত আৰু কি উদ্দেশ্যত এইবোৰ বক্তব্য দিছে, সেয়া কাৰো বুজিবলৈ বাকী নাই৷ এইসকল নেতাই এইবোৰ কামৰ পৰা বিৰত থকা উচিত৷ চৰকাৰে বেদখলৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে৷