গুৱাহাটী, ২৩ ডিচেম্বৰ, ২০২৩ : শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) গুৱাহাটী ৰে’ল ষ্টেচনৰ প্লেটফৰ্ম নং ১ ৰ গ্ৰাউণ্ড ফ্লোৰত এটা নতুন বিশ্বমানৰ এগজিকিউটিভ লাউঞ্জ মুকলি কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু মণ্ডলৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এই নতুন যাত্ৰী সুবিধা উদ্বোধন কৰে। গুৱাহাটী ৰে’ল ষ্টেচনৰ নতুন এগজিকিউটিভ লাউঞ্জত একে সময়তে ৯২ জন যাত্ৰীৰ বাবে বহাৰ ক্ষমতা থাকিব।
ই ৰে’লৰ বাবে প্ৰতীক্ষাৰত যাত্ৰীসকলৰ বাবে উন্নততৰ সুবিধা প্ৰদান কৰিব। এই নতুন এগজিকিউটিভ লাউঞ্জটোৱে গুৱাহাটী ৰে’লৱে ষ্টেচনত আগমন আৰু লগতে প্ৰস্থান কৰা যাত্ৰীসকলৰ বাবে বিশ্ৰামৰ এক প্ৰশস্ত এলেকা প্ৰদান কৰিব। এই নতুন এগজিকিউটিভ লাউঞ্জত সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত সুবিধা, চোফা ছেট, এটা মিউজিক চিষ্টেমৰ সৈতে এলইডি টেলিভিছন, এখন ট্ৰেভেল ডেস্ক, বিনামূলীয়া ৱাই-ফাই, এটা মিনি-ক্ল’ক ৰুম, বিভাৰেজ-তথা-স্নেক্স ষ্টল আৰু অন্যান্য সুবিধা প্ৰদান কৰা হৈছে।
ৰাষ্ট্ৰীয় আৰু ঘৰুৱা ভ্ৰমণকাৰীসকলক গুণগত মানদণ্ডৰ সৈতে তেওঁলোকৰ প্ৰতীক্ষাৰ সময়খিনি আৰামদায়কভাৱে অতিবাহিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডলৰ বিভিন্ন ৰে’ল ষ্টেচনত এনে এগজিকিউটিভ লাউঞ্জ বিকশিত কৰিছে। গুৱাহাটী ৰে’ল ষ্টেচন উত্তৰ-পূৰ্ব্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ ষ্টেচনসমূহৰ ভিতৰত এটা। ইয়াৰ উপৰিও এই ষ্টেচনটো উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্যতম আয় সৃষ্টিকাৰী ৰে’ল ষ্টেচন। গুৱাহাটী ৰে’ল ষ্টেচনত নৱনিৰ্মিত এগজিকিউটিভ লাউঞ্জটোৱে ব্যৱসায়িক শ্ৰেণীকে ধৰি যাত্ৰীসকলক অনেক সুবিধা প্ৰদান কৰি আহিছে।
এই নতুন এগজিকিউটিভ লাউঞ্জত, যাত্ৰীসকলে ১ ঘণ্টাৰ বাবে নিম্নতম ৩০ টকা আৰু প্ৰতিটো অতিৰিক্ত ঘণ্টাৰ বাবে ২০ টকা পৰিশোধ কৰি বিমানবন্দৰৰ দৰে লাউঞ্জৰ সুবিধা অনুভৱ কৰিব পাৰিব। যাত্ৰীসকলে ইয়াত মূল্য পৰিশোধ কৰি স্নান আৰু কাপোৰ কানি সলোৱাৰ সুবিধা, ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ লাভ কৰিব পাৰিব। উত্তৰ-পূৰ্ব্বাঞ্চলৰ বৃহত্তম চহৰ হোৱাৰ বাবে গুৱাহাটীয়ে ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হিচাপেও কাম কৰে।
এই চহৰখনৰ মাজভাগত অৱস্থিত গুৱাহাটী ৰে’ল ষ্টেচনে অঞ্চলটোৰ বাবে সংযোগ কেন্দ্ৰ হিচাপে কাম কৰি আহিছে। এই নতুনকৈ সংযোজিত সুবিধাবোৰৰ সৈতে, ষ্টেচনটোৱে যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ দিশত ইয়াৰ শীৰ্ষ স্থানত আন এক বৈশিষ্ট্যও সংযোজিত কৰিছে।