নগাঁও, ২৪ আগষ্ট, ২০২৪ : ধিঙ ধৰ্ষণকাণ্ডৰ (Dhing Rape Incident) মূল অভিযুক্তৰ মৃত্যু। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই মৃত্যু মুখত পৰে ধৰ্ষণৰ অভিযুক্ত তাফাজুল ইছলাম। আৰক্ষীয়ে নিশা তফাজুল ইছলামক লগত লৈ তদন্তৰ চলাবলৈ গৈছিল। আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰি পুখুৰীত জাঁপ দিছিল তফাজুল ইছলাম। পুৱতি নিশা আৰক্ষীয়ে পুখুৰীৰ পৰা তফাজুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰে। আনফালে আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হয় ধৰ্ষণৰ চেষ্টা চলোৱা তেজপুৰৰ মিৰাজ।

অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা অব্যাহত আছে। আৰক্ষীৰ গুলী ইতিমধ্যে বিভিন্ন ধৰণৰ অপৰাধৰ লগত জড়িত বহু অপৰাধী আহত হৈছে, কেইবাজনো কুখ্যাত অপৰাধী নিহত হৈছে আৰক্ষীৰ গুলীত। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ।চেষ্টা চলোৱা অপৰাধী লক্ষ্য হৈছে আৰক্ষীৰ গুলীৰ। এইবাৰ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই পুখুৰীত পৰি মৃত্যু হ’ল কিশোৰীক গণধৰ্ষণৰ মূল অভিযুক্ত তফাজুল ইছলাম। শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল তফাজুল ইছলামক। গণধর্ষণকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

কলকাতাৰ এগৰাকী মহিলা চিকিৎসক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশজুৰি চলি আছে কলকাতাৰ চিকিৎসক ধৰ্ষণকাণ্ডকলৈ প্ৰতিবাদ। সমগ্ৰ দেশৰ লগতে অসমবাসীও কলকাতাৰ মহিলা চিকিৎসক গৰাকীৰ ন্যায় আৰু নাৰীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে। কলকাতাৰ মহিলা চিকিৎসক গৰাকীৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ ধিঙত গণধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী।

টিউচনৰ ঘৰলৈ উভতি অহাৰ পথত দশম শ্ৰেণীৰ ছাত্ৰী গৰাকী তিনি যুৱকৰ কামনাৰ বলি হয়। ছাত্ৰী গৰাকীক অচেতন কৰি তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় ভকতগাঁও শ্মশানৰ কাষত। একাংশ স্থানীয় লোকে ভুক্তভোগী ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। ইয়াৰ পিছতে ধিঙত এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবীত আৰম্ভ হয় ৰাজ্যজুৰি প্ৰতিবাদ। আৰক্ষীও তীব্ৰ অভিযান চলাই আটক কৰে তফজুল ইছলাম আৰু জুনাইদুল ওৰফে ছহিদুল ইছলাম নামৰ দুজনক যুৱকক। অৱশ্যে জেৰাৰ অন্তত আৰক্ষীয়ে জুনাইদুল ওৰফে ছহিদুল ইছলামক যাবলৈ দিয়ে যদিও গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত তফজুল ইছলামক।

শুকুৰবাৰে নিশাৰ ভাগত তফজুল ইছলামক লগত লৈ ধর্ষণকাণ্ড সংঘটিত কৰি স্থানত তদন্ত চলাবলৈ যোৱাৰ সময়তে তফজুল ইছলাম আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই পুখুৰীত জাঁপ দিয়ে। আৰক্ষীয়ে তফজুল ইছলামক উদ্ধাৰৰ চেষ্টা চলাই যদিও সলিল সমাধি ঘটে তফজুল ইছলামৰ। আৰক্ষীয়ে পুৱতি নিশা পুখুৰীৰ পৰা তফজুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনফালে তেজপুৰত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱা অপৰাধী আৰক্ষীৰ গুলীত আহত হয়। মিৰাজ নামৰ অপৰাধীজন আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বাধ্য হৈ গুলী চালনা কৰে।