গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৫ : শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০ টা নতুন কোঠাৰে সৈতে এটা অতিৰিক্ত দুমহলীয়া ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন স্থাপন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই তাৰ সমগ্ৰ অধিক্ষেত্ৰত ৰে’লৱে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ পৰিৱেশ প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি একেৰাহে গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰি আহিছে।

নেতাজী বিদ্যাপীঠ স্কুলত দুমহলীয়া ভৱন নিৰ্মাণৰ লগতে আন বহুতো উন্নয়নমূলক কামকাজ চলি আছে। এই কামসমূহৰ ভিতৰত আছে বিশেষ লেবৰেটৰী কমপ্লেক্স স্থাপন, আধুনিক ফাৰ্নিচাৰ, গ্ৰীণ বোৰ্ড, স্মাৰ্ট বোৰ্ড আৰু চিচিটিভি ব্যৱস্থা প্ৰদান কৰাৰ লগতে ডিজিটেল লাইব্ৰেৰী স্থাপন, কম্পিউটাৰ লেবৰ উন্নয়ন, উন্নত শিক্ষক কোঠা, উন্নত টয়লেট কমপ্লেক্স, ৱাটাৰ আৰঅ’ ইউনিট স্থাপন, সংগীত কোঠা নিৰ্মাণ, কাভাৰ্ড শ্বেড, অডিট’ৰিয়ামৰ সম্প্ৰসাৰণ, ফেন্সিং নিৰ্মাণ আৰু চতুৰ্দিশৰ এলেকাৰ উন্নয়ন আদি অন্তৰ্ভূক্ত আছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ বিভিন্ন ৰে’লৱে স্কুলত সম্পূৰ্ণ হোৱা আৰু নিৰ্মাণাধীন অৱস্থাত থকা বহুতো গুৰুত্বপূৰ্ণ কাৰ্যই শৈক্ষিক আন্তঃগাঁথনিত যথেষ্ট পৰিৱৰ্তন আনিছে। বৰ্তমানে চলি থকা মুখ্য প্ৰকল্পসমূহৰ ভিতৰত আছে মালিগাঁওস্থিত ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবীকৰণ আৰু উন্নয়ন, আধুনিক খেলপথাৰ নিৰ্মাণ, উন্নত প্ৰাৰ্থনাস্থলী, উন্নত বাউণ্ডেৰি ৱাল, বাহনৰ পাৰ্কিং এলেকা, প্ৰৱেশদ্বাৰ আৰু স্মাৰ্ট শ্ৰেণীকোঠা স্থাপন। ইয়াৰ উপৰিও ডিমাপুৰ ৰে’লৱে উচ্চ বিদ্যালয়ৰ ভৱন নিৰ্মাণ ও সংস্কাৰ আৰু আলিপুৰদুৱাৰ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবীকৰণ ও উন্নয়ন কাম-কাজো ক্ৰমে আগবাঢ়ি আছে।

শেহতীয়া কেইমাহমানৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেই বহুতো গুৰুত্বপূৰ্ণ প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰিছে। এইসমূহৰ ভিতৰত আছে নিউ জলপাইগুড়ীৰ ৰে’লৱে গাৰ্লছ হাইস্কুলৰ মেৰামতি আৰু নবীকৰণ; শিলিগুড়ীস্থিত বানী মন্দিৰ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰ আৰু প্ৰাৰ্থনাস্থলীৰ উন্নয়ন, বাউণ্ডেৰি ৱালৰ পুনৰ্নিৰ্মাণ, বাহন পাৰ্কিঙৰ এলেকা নিৰ্মাণ, প্ৰৱেশদ্বাৰৰ নিৰ্মাণ। লগতে লামডিঙৰ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবীকৰণ ও মেৰামতি আৰু বদৰপুৰৰ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন কামো সম্পূৰ্ণ হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলত শৈক্ষিক আন্তঃগাঁথনি আৰু অধিক সৱল হৈ পৰিছে।

এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শৈক্ষিক সুবিধা বৃদ্ধি, মৌলিক আন্তঃগাঁথনিৰ মজবুতকৰণ আৰু আধুনিক, শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষণ পৰিৱেশৰ নিৰ্মাণৰ প্ৰতি দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু অবিৰত প্ৰয়াসকে প্ৰতিফলিত কৰিছে যি সুৰক্ষিত শিক্ষণ পৰিৱেশত শিক্ষাৰ্থীসকলক সমৃদ্ধ কৰিছে। অবিৰত উন্নয়ন, পৰিকল্পিত সম্প্ৰসাৰণ আৰু ডিজিটেল তথা আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদানেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অধীনত শিশুসকলৰ শৈক্ষিক উৎকৰ্ষতা অৰ্জন আৰু শিক্ষণ বিকাশৰ প্ৰতি তাৰ দায়বদ্ধতাৰ প্ৰতি সমৰ্পিত হৈ আহিছে।