গুৱাহাটী, ২৪ মাৰ্চ, ২০২৬ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই মালিগাঁওস্থিত ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয়ত (Railway Higher Secondary School) আন্তঃগাঁথনি আৰু শৈক্ষিক সুবিধাসমূহ উন্নত কৰাৰ দিশত উল্লেখযোগ্য আধুনিকীকৰণৰ কাম হাতত লৈছে। এই পদক্ষেপৰ অংশ হিচাপে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ১৯ টা শ্ৰেণীকোঠাত থকা পুৰণি ডেস্ক, বেঞ্চ, টেবুল আৰু চেয়াৰসহ সকলো পুৰণি শ্ৰেণীকোঠাৰ আচবাব সম্পূৰ্ণৰূপে সলনি কৰি নতুন, আধুনিক শ্ৰেণীকোঠাৰ আচবাব স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও শিক্ষকৰ কমন ৰুমৰ বাবে নতুন টেবুল আৰু চেয়াৰ প্ৰদান কৰা হৈছে, লগতে গ্ৰন্থাগাৰ আৰু কৰ্মচাৰীসকলৰ কক্ষৰ বাবে উন্নত আচবাব যেনে কেবিনেট আৰু চোফা চেট আদি প্ৰদান কৰা হৈছে।

এই আধুনিকীকৰণসমূহে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ বাবে অধিক সুবিধাজনক আৰু অনুকূল শিক্ষণ আৰু শৈক্ষিক কামকাজৰ পৰিৱেশ সৃষ্টি কৰাত সহায়ক হ’ব। ডিজিটেল শিক্ষণৰ সামৰ্থ্য অধিক শক্তিশালীকৰণৰ উদ্দেশ্যে উচ্চতৰ শ্ৰেণীসমূহত ছখন স্মাৰ্ট ব’ৰ্ড স্থাপন কৰা হৈছে লগতে বাকী শ্ৰেণীসমূহত স্মাৰ্ট ব’ৰ্ড স্থাপনৰ প্ৰক্ৰিয়া চলি আছে। বিগত ২০ মাৰ্চ, ২০২৬ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকসহ এই জোনৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ এটা টীমে বিদ্যালয়খন পৰিদৰ্শন কৰি নৱস্থাপিত আচবাব আৰু স্মাৰ্ট ব’ৰ্ডসমূহ নিৰীক্ষণ কৰে লগতে কৰা আধুনিকীকৰণ কৰা কামকাজসমূহৰ বাবে সন্তোষ প্ৰকাশ কৰে।

ইয়াৰ আগতে ২০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে মহাপ্ৰৱন্ধকে নতুন শ্ৰেণীকোঠাৰ নিৰ্মাণ, নতুন খেলপথাৰৰ উন্নয়ন, প্ৰৱেশদ্বাৰ আৰু প্ৰাৰ্থনা গৃহৰ নবীকৰণ, শৌচালয় উন্নয়ন, চিৰিত স্থাপন কৰা গ্ৰেনাইত, বাউণ্ডেৰি ৱালৰ শক্তিশালীকৰণ, দুৱাৰ-খিৰিকীৰ নবীকৰণ আৰু নতুন কৰিড’ৰ নিৰ্মাণৰ অন্তৰ্ভুক্তিৰে সম্পূৰ্ণ নবীকৰণ কৰা বিদ্যালয়খনৰ উদ্বোধন কৰে। এই বিস্তৃত উন্নয়নসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে সুৰক্ষিত, পৰিচ্ছন্ন আৰু অধিক শিক্ষাৰ্থী হিতৈষী শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাকেই প্ৰতিফলিত কৰিছে।

২০২৪ বৰ্ষৰ পৰা মালিগাঁও ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয়খন পূৰ্বৰ চেবা ব’ৰ্ডৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড পাঠ্যক্ৰমৰ অধীনলৈ অনা হয়, যি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে চিহ্নিত হৈছে। উল্লেখযোগ্য যে ৰে’লৱে পৰিচালিত প্ৰতিষ্ঠান হোৱা সত্ত্বেও বিপিএল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী অন্তৰ্ভুক্ত থকা বিদ্যালয়খনে ৰে’লৱে আৰু ৰে’লৱেৰ বাহিৰৰ উভয় ছাত্ৰ-ছাত্ৰীকে সেৱা আগবঢ়াই আহিছে আৰু নামমাত্ৰ মাচুলত মানসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে। বৰ্তমান বিদ্যালয়খনত প্ৰায় ৭ শতাংশ ৰে’লৱে ছাত্ৰ-ছাত্ৰী আৰু ৯৩ শতাংশ ৰে’লৱেৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ হৈ আছে, যি ইয়াৰ একত্ৰিতকৰণৰ দৃষ্টিভংগী আৰু সমাজৰ বিস্তৃত অংশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা আকৰ্ষণকে প্ৰতিফলিত কৰিছে।