গুৱাহাটী, ২১ জানুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰি মালিগাঁওস্থিত ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ (School) বিস্তৃত উন্নয়ন কাম হাতত লোৱা হৈছে। এই উন্নয়নৰ অংশ হিচাপে দুটা নতুন শ্ৰেণীকোঠা নিৰ্মাণ, নতুন খেলপথাৰ বিকাশ, নৱনিৰ্মিত প্ৰৱেশদ্বাৰ, প্ৰাৰ্থনা গৃহ, নতুনকৈ নিৰ্মাণ কৰা শৌচালয়, খটখটিত গ্ৰেনাইট স্থাপন, বাউণ্ডেৰি ৱালৰ মজবুতকৰণ, দৰ্জা-খিৰিকীৰ নৱনিৰ্মাণ, নতুন কৰিডৰ নিৰ্মাণ আদি অন্তৰ্ভুক্ত আছে।
বিভিন্ন আন্তগাঁথনিমূলক আৰু শৈক্ষিক সুবিধাসমূহৰ উন্নীতকৰণ কৰা হৈছে। পৰিণামস্বৰূপে বিদ্যালয়খনত অধিক সুৰক্ষিত, পৰিচ্ছন্ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুকূল শিক্ষণ পৰিৱেশ সৃষ্টি হৈছে। ষাঠিৰো অধিক বছৰৰ গৌৰৱময় ঐতিহ্যসমৃদ্ধ ১৯৫৯ চনত স্থাপিত মালিগাঁও ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয়খন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত থকা আটাইতকৈ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। এই বিদ্যালয়ে ৰে’লৱে কৰ্মচাৰীৰ সন্তান আৰু আশে-পাশেৰ স্থানীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে। ইয়াৰ লগতে শৈক্ষিক উৎকৰ্ষতা, শৃংখলা আৰু সামগ্ৰিক বিকাশকো সদায় প্ৰসাৰিত কৰি আহিছে।
উন্নীতকৃত মালিগাঁও ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্বোধন ২০ জানুৱাৰী, ২০২৬ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ দ্বাৰা কৰা হয়। এই অনুষ্ঠানত ৰে’লৱেৰ উচ্চপদস্থ বিষয়াবৰ্গ, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। এই উন্নীতকৰণৰ মূল উদ্দেশ্য হৈছে- বিদ্যালয়খনৰ চহকী ঐতিহ্য সংৰক্ষণৰ সৈতে আধুনিক শিক্ষাৰ মানদণ্ডৰ সামঞ্জস্য স্থাপন কৰা। এই উদ্বোধনে বিদ্যালয়ৰ দীৰ্ঘদিনীয়া যাত্ৰাত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত কৰিছে। ইয়াৰ ঐতিহাসিক ঐতিহ্যক সংৰক্ষণ কৰি আধুনিক শৈক্ষিক মানদণ্ডৰ সৈতে সংযোজন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক কল্যাণৰ বাবে কাম কৰি আহিছে।
