মালয়বাৰী, সংবাদ ৩৬৫, ১২ মাৰ্চ : এখন আজৱ বিয়া । প্ৰকৃতি প্ৰেমী আৰু কৃষক ৰাইজে অনুষ্ঠিত কৰিলে দুডাল গছৰ এখন বিয়া ।এই আজৱ বিয়া অনুষ্ঠিত হ’ল ক্ষেত্ৰীৰ মালয়বাৰীৰ ঘগ্ৰাপাৰত ।
দুডাল এজাৰ গছৰ ডাল একলগ হোৱা বাবে ভগৱানক বিশ্বাস কৰা তথা কৃষক ৰাইজে পাতি দিলে গছ দুডালৰ বিয়া । বিয়াত যেনেদৰে অতিথিক আপ্যায়ন কৰা হয় ঠিক তেনেদৰে এই বিয়াখনতো অতিথি আপ্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰে ৰাইজে। এই আজৱ বিয়াত মালয়বাৰীৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ।
স্থানীয় ৰাইজৰ মন্তব্য দুডাল গছ লগ লাগিছে । এনেকুৱা আমি প্ৰথম দেখিছোঁ সেইবাবে ৰাইজে লগ লাগি দুইজোপা গছৰ বিয়া পাতি দিছে। মালৈবাৰীৰ অঞ্চলত খেতিয়ক মানুহেই বসবাস কৰি আছে। খেতিৰ ওপৰতে সকলো নিৰ্ভৰশীল। ভগৱানকো বহুত বিশ্বাস কৰোঁ। ভগৱানৰ ওপৰত বিশ্বাস কৰিয়েই আমি গছৰ বিয়া পাতি দিছোঁ।