পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুন : এলাগী হৈ পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় । দক্ষিণ কামৰূপত অৱস্থিত এই চিকিৎসালয়খনৰ নাম উমাকান্ত আৰু চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ । চিকিৎসালয়খন আছে ঠিকেই কিন্তু নাই কোনো চিকিৎসক । যি কেইজন কৰ্মী আছে সেইকেইজনেই যথেষ্ট নহয় ।

মামণি ৰয়চম গোস্বামীৰ জন্মস্থান আমৰঙ্গা বৰিহাটত তেখেতৰ আশাৰ ,সপোন তথা অনুদানেৰে নিৰ্মান হোৱা চিকিৎসালয়খনৰ এতিয়া পুতৌলগা অৱস্থা । বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ বাবে এই চিকিৎসালয়খনত নাই চিকিৎসক । ৰোগী আহে আৰু উভতি যায় । যাৰ ফলত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এতিয়া জীয়াতু ভুগিছে অঞ্চলটোৰ ৰাইজে । ইফালে, চিকিৎসালয়খনৰ যন্ত্ৰ পাতি ব্যৱহাৰ নোহোৱাত ক্ৰমাৎ জহি-খহি যাব ধৰিছে চিকিৎসা যন্ত্ৰ ।