‘মঞ্চ নাটৰ বিৱৰ্ত্তন’ শীর্ষক আলোচনাত বক্তৃতা প্ৰদান জেৰিফা ৱাহিদৰ

গুৱাহাটী, ২৭ নৱেম্বৰঃ গুৱাহাটীৰ পৰা প্ৰকাশিত ইংৰাজী সাপ্তাহিক জিপ্লাছৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ত আয়ােজন কৰি অহা “কেম্পাছ টকছ’ৰ শেহতীয়া সংস্কৰণটাে অনুষ্ঠিত হৈ যায় এছিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জীত। এয়াৰটেলৰ সহযোগত আয়োজন কৰা এইবাৰৰ সংস্কৰণত অসমৰ জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদে সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰি ছাত্র-ছাত্ৰীৰে মত-বিনিময় কৰে এই অনুষ্ঠানত। অভিনেত্ৰীগৰাকীয়ে ‘মঞ্চ নাটৰ বিৱৰ্ত্তন’ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে৷ বক্তৃতা প্রসঙ্গত মােহময়ী অভিনেত্রী জেৰিফা ৱাহিদে মঞ্চ নাটৰ ইতিহাসলৈ হােৱা বিৱৰ্ত্তনৰ এক নাতিদীর্ঘ আলােকপাত কৰে৷ বিভিন্ন ধাৰা তথা নাট প্রযোজনা আদি বিষয়ো সন্নিৱিষ্ট কৰি বক্তাগৰাকীয়ে তেওঁ কয়, “যিকোনো কলাই মৃত্যুমুখত পৰিব পাৰে, যদিহে জনসাধাৰণে ইয়াক আদৰি নলয়৷ সেয়েহে কলাক জনমুখী কৰাত আমি সকলোৱে হাত আগবঢ়োৱাৰ প্ৰয়ােজনীয়তা আছে। চালুকীয়া অৱস্থাৰে পৰা ছাত্র-ছাত্ৰীসকলৰ মাজত এই নাট-অভিনয়-প্রযোজনা আদিৰ প্ৰতি ঢাউতি বঢ়াবৰ বাবে বিদ্যালয়-মহাবিদ্যালয়সমূহত নিয়মীয়াকৈ চৰ্চা অব্যাহত ৰাখিব লাগে৷” অনুষ্ঠানৰ প্ৰাৰম্ভতে অভিনেত্রী বক্তাগৰাকীক স্বাগতম জনায় শিক্ষা প্রতিষ্ঠানখনৰ জনসংযোগ বিভাগৰ মূৰব্বী জয়ন্ত গোস্বামীয়ে। অনুষ্ঠানত অভিনেত্রী জেৰিফা ৱাহিদ তথা উপস্থিত সকলোৱে সদ্যপ্রয়াত অভিনেতা বিজু ফুকনলৈ শ্রদ্ধা নিবেদন কৰে৷ প্ৰয়াত অভিনেতাজনলৈ শ্রদ্ধা নিবেদি জেৰিফা ৱাহিদে কয়, ‘বিজু দাৰ মৃত্যুৰ লগে লগে এটা যেন নাট্য প্রজন্মৰ অন্ত পৰিল|”