নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : মঙলবাৰে পুৱা মণিপুৰৰ ইম্ফলৰ ঠেঙাল বজাৰত এটা আইইডি বিস্ফোৰণ ঘটে। বিস্ফোৰণত আহত হয় ৪ জনকৈ আৰক্ষী। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বিস্ফোৰণটোত ক্ষতিসাধন হয় কেইবাখনো বাহনৰ ।

বিস্ফোৰণৰ পিছতে মুখ্যমন্ত্ৰী এন বীৰেন সিং ঘটনাস্থলীত উপস্থিত হয় ।

ইফালে সোমবাৰে শ্ৰীনগৰ হৰি সিং ষ্ট্ৰীটৰ বজাৰত গ্ৰেণেড নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে। যাৰ ফলত এজন ব্যৱসায়ী নিহত হোৱাৰ লগতে প্ৰায় ৩৮ জন লোক আহত হয়। ঘটনাৰ পিছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।