মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ ৰাজ্যত এটাৰ পিছত আনটো যৌন নিৰ্যাতন আৰু ধৰ্ষণকাণ্ড সংঘটিত হৈ থকাৰ সময়তে ৰাজ্যত এইবাৰ প্ৰেমিকে বন্ধুৰ লগত মিলি ধৰ্ষণ কৰিলে প্ৰেমিকাক। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যোৱা ১৬ এপ্ৰিলৰ নিশা এগৰাকী কিশোৰী বিহু সন্মিলন উপভোগ কৰি প্ৰেমিক ৰিকেশ প্ৰধানক লগ কৰিবলৈ নামদাং চাহ বাগিচালৈ গৈছিল কিন্তু বাগিচাখনত কিশোৰী গৰাকীৰ প্ৰেমিকৰ লগত পূৰ্বৰে পৰা ৰখি থকা বিকাশ শৰ্মা নামৰ আন এজন যুৱকে কিশোৰী গৰাকীক বলপূৰ্বক ভাৱেবাগিচাৰ ভিতৰলৈ নি ধৰ্ষণ কৰে। কিশোৰী গৰাকীৰ মাতৃ কিছুদিন ধৰি ঘৰত নথকাত কিশোৰী গৰাকীয়ে সকলো কথা লুকুৱাই ৰাখিছিল যদিও সোমবাৰে কিশোৰী গৰাকীৰ মাতৃ ঘৰত উপস্থিত হোৱাত মাতৃক সকলো কথা অৱগত কৰে কিশোৰী গৰাকীয়ে। এই সংক্ৰান্তত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত মাৰ্ঘেৰিটা আৰক্ষীয়ে বালুখাদৰ নিৱাসী বীৰ প্ৰধানৰ পুত্ৰ ৰিকেশ প্ৰধান আৰু মাৰ্ঘেৰিটা ধান বজাৰৰ নিৱাসী বিকাশ শৰ্মা আটক কৰি আদালতত হাজিৰ কৰে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনত এটাৰ পাছত আনটো ধৰ্ষণৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাত কেন্দ্ৰৰ মোদী চৰকাৰে পক্সো আইন সংশোধনৰ কৰি ধৰ্ষণকাৰীক ফাঁচী দিয়া কেবিনেটত সিদ্ধান্ত লোৱাৰ পাছতো কিশোৰ কিশোৰীক নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্ট কৰে৷