ৰঙিয়া, ৩১ মেঃ মেধাৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে । ইয়াকে প্ৰতিপন্ন কৰি দেখুৱালে ৰঙিয়াৰ সমীপৰ ঢোলকুছিৰ অঞ্জন কলিতাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কে বি দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অঞ্জন কলিতাই ছটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৫৭৫ নম্বৰ লাভ কৰি ডিষ্টিংছন লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ।  অসমীয়াত ৯৫, ইংৰাজীত ৯৫, গণিতত ৯৮, সমাজ বিজ্ঞানত ৯৫, বিজ্ঞানত- ৯৯ আৰু সংস্কৃতত ৯৩ নম্বৰ লাভ কৰিছে ছাত্ৰজনে । মাত্ৰ ৫ নম্বৰৰ বাবে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল মেধাবী ছাত্ৰজন। আৰ্থিক দৈন্যতাই পৃষ্ট পৰিয়ালৰ মেধা ছাত্ৰজনৰ সাফল্যত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে । অঞ্জনক লৈ অঞ্চলটোৰ ৰাইজে এক শোভাযাত্ৰাও উলিয়াই। ধৰমেশ্বৰ কলিতা আৰু পদুমি কলিতাৰ একমাত্ৰ পুত্ৰ অঞ্জনে শাক-পাচলি বিক্ৰী কৰি উলিয়াইছিল পঢ়াৰ খৰচ । বিজুলী সংযোগ নথকা পৰিয়ালটোৰ সন্তান প্ৰাঞ্জলে মমৰ পোহৰত অধ্যয়ন কৰি সফলতা লাভ কৰিছে। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃয়ে পুত্ৰৰ এনে কৃতিত্বত আনন্দিত হৈ পৰিছে । ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা অঞ্জনে সদ্যহতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব বিচাৰে। বিশিষ্ট বিজ্ঞানী এ পি জে আব্দুল কালামৰ গ্ৰন্থই অনুপ্ৰেৰণা যোগোৱা বুলি জনাই মেধা ছাত্ৰ অঞ্জনে ।