নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ : যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে দেশত কূটাঘাত সংঘটিত কৰাৰ বাতৰি চোৰাংচোৱাৰ সংস্থাই প্ৰশাসনক দিয়াৰ সময়তে নিৰাপত্তাৰক্ষয়ে জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ কৰে ৮ জনকৈ সন্ত্ৰাসবাদী । জম্মু-কাশ্মীৰৰ চুপুৰ জিলাৰ পৰা সোমবাৰে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীকেইজনক ।

গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী কেইজন ক্ৰমে তৌচিক নজৰ, ইমতিয়াজ নজৰ,এজাজ মীৰ, ওমৰ মীৰ, ওমৰ আকবৰ, সৌকত অহমদ মীৰ,
ফৈজান লতীফ,দানিশ হবীব । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই সন্ত্ৰাসবাদী কেইজনে দক্ষিণ কাশ্মীৰত ভাবুকি ভৰা পোষ্টাৰ প্ৰচাৰ কৰি সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা চলাইছিল ।

ইফালে পাকিস্তানৰ পৰাও গোপনে মুকলি কৰি দিয়া হৈছে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰা পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ নেতা মাছুদ আজহাৰক । কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে মাছুদ আজহাৰক মুকলি কৰি দিয়াৰ পাছত
তীক্ষ্ণ নজৰ ৰাখিবলৈ দিয়া হৈছে ভাৰতীয় সেনা বাহিনীক জম্মু-কাশ্মীৰ সীমান্ত আৰু ৰাজস্থান সীমান্তত পাকিস্তানৰ ওপৰত । মাছুদ আজহাৰক মুকলি কৰি দিয়াৰ খবৰ আৰু জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ কৰা লস্কৰ-ই-তৈবাৰৰ ৮ জন সন্ত্ৰাসবাদীৰ খবৰে সম্প্ৰতি জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ।