গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে বিভাগৰ প্ৰধান সচিব আৰু মুখ্য অভিযন্তাৰ উপস্থিতিত মণ্ডল আৰু জিলা পৰ্যায়ৰ বিভাগীয় অভিযন্তাসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্চিঙৰ জড়িয়তে এখন বৈঠকত মিলিত হয়। ক্ৰমে বাৰিষাৰ সময়খিনি শেষ হৈ অহাৰ লগে লগে জলসম্পদ বিভাগৰ স্থায়ী মথাউৰি নিৰ্মাণ আৰু আন স্থায়ী কামসমূহ আৰম্ভ কৰাৰ সময় হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। বৰ্তমান সময়ত মন্ত্ৰীগৰাকীয়ে সকলো কামৰ ভিতৰত প্ৰাথমিকতা প্ৰদান কৰিব খুজিছে নতুন মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত।

বিভাগীয় বিষয়াসকলক এই কথা জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে সকলোকে এক সুস্থিৰ এষ্টিমেট সাজু কৰিবলৈ নিৰ্দেশ দিয়ে।আনহাতে তুলনামূলকভাৱে এই বৰ্ষত বৰষুণৰ পৰিমাণ কম যদিও বিভাগৰ বিষয়া তথা কৰ্মচাৰীসকলৰ কামৰ তৎপৰতাৰ বাবেও এইবাৰ অসমত বেছিকৈ মথাউৰি ভগাৰ দৰে পৰিৱেশ সৃষ্টি নহ’ল বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বাৰিষাৰ চাৰি মাহ সময় বিভাগৰ সকলোয়ে অলপ কষ্ট কৰি কাম কৰিলে মথাউৰি ভগা অথবা বানৰ ক্ষতিগ্ৰস্তৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিগত চাৰি মাহৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব খোজে যে জলসম্পদ বিভাগৰ অভিযন্তা কৰ্মচাৰীসকলৰ তৎপৰতাৰ বাবেই অন্তত ১০ ৰ পৰা ১৫ টা মথাউৰি এইবাৰ চিঙাৰ পৰা ৰক্ষা পৰিল।নতুন মথাউৰি নিৰ্মাণৰ সমান্তৰালভাৱে অতি স্পৰ্শকাতৰ অঞ্চলসমূহত খহনীয়া ৰোধেৰে মথাউৰিসমূহৰ নিৰাপত্তাৰ কামো চলাই যাব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক ৰাজ্যখনৰ অতি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে একমাত্ৰ কাম আদায়ৰ বাবেই এষ্টিমেট নবনাই অতি স্পৰ্শকাতৰ অঞ্চলসমূহ নিষ্ঠাৰে বাচনি কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে, কিয়নো বিভাগৰ পুঁজিৰে প্ৰাথমিকতা ভিত্তিত কামবোৰ হৈ গলে পুঁজিৰ উপযুক্ত ব্যৱহাৰ কৰিব পৰা যাব।

বৈঠকতে মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ এবাৰ উল্লেখ কৰে যে জলসম্পদ বিভাগত তেওঁৰ অধীনত কামৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব, সময়মতে সঠিকৰূপত কাম সম্পাদন হ’বই লাগিব। জলসম্পদ বিভাগৰ অধীনত মথাউৰি নিৰ্মাণ তথা মেৰামতি আৰু খহনীয়া ৰোধৰ স্থায়ী কামবোৰ নিৰ্দ্ধাৰিত ডিচেম্বৰ মাহত আৰম্ভ হৈ এপ্ৰিল মাহৰ ভিতৰত অথবা মে’ মাহৰ ১৫ তাৰিখৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা সুচাৰুৰূপে চোৱাচিতা কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগৰ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই ভিডিঅ’ কনফাৰেন্চিঙত উপস্থিত থাকি বিভাগৰ প্ৰধান সচিব এচ. আব্বাচীয়েও বিভাগৰ অভিযন্তাসকলক চৰকাৰৰ প্ৰয়োজনীয় নিৰ্দেশাদি প্ৰদান কৰে।