গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৩ : শক্তিপীঠ কামাখ্যা ধামত জঘন্য কাণ্ড। শক্তিপীঠ কামাখ্যা ধামত ধৰ্ষণৰ বলি এটি ১০ বছৰীয়া কিশোৰী (Minor Gir Rape)। নিশাৰ ভাগত মাতৃৰ সন্মুখতে ধৰ্ষণ কৰা হয় ১০ বছৰীয়া কিশোৰী গৰাকীক। ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণকাৰীক। ধৰ্ষণকাৰীজন কামাখ্যা মন্দিৰত ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আছিল।

মহানগৰী গুৱাহাটী অপৰাধীৰ ৰম্যভূমি লৈ পৰিণত হৈছে। এটাৰ পিছত আনটো অপৰাধমূলক ঘটনা সংঘটিত হৈ আছে মহানগৰী গুৱাহাটীত। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ সঘনাই সংঘটিত হৈ আছে মহানগৰীত। পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। এগৰাকী ১০ বছৰীয়া কিশোৰী কামনাৰ বলি হৈছে এজন যুৱকৰ। পবিত্ৰ মা কামাখ্যা ধামত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

জানিব পৰা মতে নয়ন হালৈ নামৰ এজন যুৱকে শক্তিপীঠ মা কামাখ্যা ধামত এই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত কৰিছে। শনিবাৰে নিশাৰ ভাগত কামাখ্যা ধামত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা। শনিবাৰে নিশাৰ ভাগত কামাখ্যা মন্দিৰৰ ভি আই পি পাৰ্কিংৰ সমীপত মাতৃৰ সৈতে শুই থকা এগৰাকী ১০ বছৰীয়া কিশোৰীক নয়ন হালৈ নামৰ যুৱকজনে ধৰ্ষণ কৰে। মাতৃৰ সন্মুখতে নিশাৰ ভাগত নয়ন হালৈয়ে ১০ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰে।

জানিব পৰা মতে ধৰ্ষণকাৰী নয়ন হালৈ দীর্ঘদিন ধৰি শক্তিপীঠ কামাখ্যা ধামত ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আছিল। আনহাতে ধৰ্ষণ বলি হোৱা কিশোৰী গৰাকী মাতৃৰ সৈতে কামাখ্যা ধামত ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। শনিবাৰে নিশাৰ ভাগত ভি আই পি পাৰ্কিংৰ সমীপত মাতৃৰ সৈতে শুই থকা অৱস্থাত কিশোৰী গৰাকীক সুযোগ বুজি নয়ন হালৈয়ে ধৰ্ষণ কৰে।

ইফালে ঘটনাৰ পিছতে ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃয়ে সহায় বিচাৰি কামাখ্যা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিশোৰী গৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত কামাখ্যা আৰক্ষীয়ে নয়ন হালৈ নামৰ ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।