টিহু, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ : টিহু থানাৰ অন্তৰ্গত কাউৰেহাগীত ১৬ আগষ্টত চি আৰ পি এফ জোৱান প্ৰনৱ ডেকাই এগৰাকী ১১ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা ঘটনা এটা পোহৰলৈ আহাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

১৬ আগষ্টৰ নিশা চি আৰ পি এফ জোৱান প্ৰনৱ ডেকাৰ পুত্ৰৰ জন্মদিনৰ মাংঙ্গলিক অনুষ্ঠানত ওচৰ চুবুৰীয়াক আমন্ত্ৰণ জনাই বেচ উল্লাহত থকা সময়তে এগৰাকী নাৱালিকাৰ জীৱনলৈ নামি আহে অমানিশাৰ ঘোৰ অন্ধকাৰ । নাবালিকা গৰাকীয়ে নিজ গৃহলৈ অহাত অকলশৰীয়াৰ সুযোগ বুজি চি আৰ পি এফ জোৱান প্ৰনৱ ডেকাই যৌন নিৰ্যাতন চলাই । বহুপৰ ধৰি যৌন নিৰ্যাতনৰ আতিশয্যৰ বলি হোৱা নাবালিকা গৰাকীৰ চিঞৰ বাখৰত চি আৰ পি এফ জোৱান প্ৰনব ডেকাই ঘটনাস্থলিৰ পৰা পলায়ন কৰে।

ইফালে এই ঘটনা পোহৰলৈ অহাত বৃহত্তৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ঘটনাৰ আকস্মিকতাত নাবালিকা গৰাকীৰ পৰিয়ালে টিহু থানাত গোচৰ দিয়ে । কিন্তু ৰহস্যজনক ভাৱে অপৰাধীক আজি পৰ্যন্ত আটক নকৰাত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা আঞ্চলিক সমিতিয়ে বহু মহিলাৰ সহযোগত টিহু থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সাত দিনৰ ভিতৰত দোষীক কৰায়ত্বৰ দাবীৰে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে ।

ইয়াৰ পিছত প্ৰতিবাদী মহিলা সকলে টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অৱগত কৰায় । এই ঘটনাই বৃহত্তৰ অঞ্চল জুৰি ব্যাপক চৰ্চিত হৈ থকাৰ সময়তে চি আৰ পি এফ জোৱান প্ৰনৱ ডেকাই নিজৰ কৰ্তব্য স্থলিত কৰ্তব্যত ন্যস্ত থকা বুলি জানিব পৰা গৈছে ।