গুৱাহাটী

২৭ জুলাই

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাত সন্দৰ্ভত বিভিন্ন সময়ত গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে এই সন্দৰ্ভত সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালেৰ সংবাদমেল।যোৱা ৪টা বছৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ কোটিতকৈও অধিক টকা জলপানি বাবে মুকলি কৰি দিয়া হৈছে। এই বৃহৎ পৰিমাণৰ জলপানিৰ অধিকাংশ ধনেই আত্মসতৰ অভিযোগ উঠিছে।

ছাত্ৰবৃত্তিৰ ধন আত্মসাতত পোনপটীয়াকৈ শিক্ষানুষ্ঠানৰ মূৰব্বী, বিভিন্ন বেংকৰ সেৱা কেন্দ্ৰ, জিলা নডেল বিষয়াৰ কাৰ্যালয়কে ধৰি এটা দালাল চক্ৰই অতি কৌশলৰে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত শ শ কোটি টকা আত্মসাৎ কৰিছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে। ধন আত্মসাতৰ এই চক্ৰটোত শিক্ষানুষ্ঠানৰ প্ৰধানগৰাকীয়ে দুৰ্নীতিৰ দুৱাৰ মুকলি কৰিছে বুলিও অভিযোগ কৰে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ গৰাকীয়ে এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ওচৰত সংখ্যালঘু বৰ্ডৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। স্মাৰকপত্ৰ প্ৰদান কৰি বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এটা তদন্তকাৰী গোট গঠন কৰিবৰ বাবেও লিখিতভাৱে অনুৰোধ জনাইছে। কেন্দ্ৰীয় চৰকাৰে ২০১৬-১৭, ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত পোষ্টমেট্ৰিকত ৮৭ কোটি ৭০ লাখ ৭৩ হাজাৰ ৭৩৭ টকা আৰু ‘মেৰিট কাম মিনছ’ত ৪৮ কোটি ৯০ লাখ ৬১ হাজাৰ ৩৬৭ টকা আৰু প্ৰিমেট্ৰিক স্কলাৰশ্বিপত ৩৬৪ কোটি ৭৮ লাখ ৬৯ হাজাৰ ৩৭২ টকা সৰ্বমুঠ ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ ৪৭৬ টকা মোকলাই দিছে। ছাত্ৰ-ছাত্ৰীৰ নামত মোকলাই দিয়া এই বৃহৎ পৰিমাণৰ ধন ভুৱা একাউণ্ট খুলি সংশ্লিষ্ট ব্যক্তিসকলে আত্মসাত কৰিছে বুলিও জানিবলৈ দিয়ে বৰ্ডৰ অধ্যক্ষ গৰাকীয়ে।

সংবাদমেলত বৰ্ডৰ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে যে এই বৃহৎ কেলেংকাৰিত জড়িত হৈ থকা দোষী ব্যক্তিসকলক আইনৰ অধীনত আনি উচিত শাস্তিৰ ব্যৱস্থা কৰিবলৈ অসম সংখ্যালঘু উন্নয়ন বৰ্ডে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব। এইক্ষেত্ৰত সংবাদ মাধ্যমৰ লগতে সমূহ ছাত্ৰ সংগঠন, সামাজিক সংগঠন আৰু জনসাধাৰণৰ প্ৰতি আহ্বান জনাই মুমিনুল আৱালে কয় যে ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ যিকোনো ঘটনা দৃষ্টিগোচৰ হ’লে বা ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ ইতিমধ্যে উঠা অভিযোগসমূহ অসম সংখ্যালঘু উন্নয়ন বৰ্ডক অৱগত কৰিলে বৰ্ডৰ তৰফৰ পৰা তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দুৰ্নীতিৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰতো সকলোৰে সহযোগিতা কামনা কৰিছে আৱালে।