মিৰ্জা, সংবাদ ৩৬৫, ৮ নৱেম্বৰ : দক্ষিণ কামৰূপ মিৰ্জা জামৰতলৰ অসহায় এগৰাকী যুৱতী। নাম সীমা কলিতা। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ দুয়োটা বৃক্কয়ে বিকল। পিতৃহাৰা যুৱতী গৰাকীৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা।

সীমাৰ মাতৃয়ে কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰিছিল । তাৰপিছতে ঘৰখনৰ ডাঙৰ জীয়ৰী সীমাই এটা কোম্পানীৰ কামত যোগদান কৰিছিল যদিও দুয়োটা কিডনী বিকল হৈ পৰাত অসুস্থ হৈ পৰে যুৱতীগৰাকী।

সম্প্ৰতি চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে যুৱতীগৰাকীয়ে। যুৱতী গৰাকীয়ে কান্দি কান্দি কৈছে , “মোক জীয়াই থাকিবলৈ দিয়ক, অলপ সহায় কৰক”।

ৰাইজৰ অলপ সহায়ত হয়তো সুস্থ হৈ উঠিব সীমা কলিতা।ইচ্ছুকসকলে সীমাৰ বেংক একাউণ্টত সহায় আগবঢ়াব পাৰে।

একাউণ্ট নম্বৰ : ২১৮৯৯৭৭৫২১
আই এফ এছ চি ক’ড : চি বি আই এন ০২৮৩২০৭
ব্ৰান্স : মিৰ্জা
মোবাইল নম্বৰ : ৯১২৭১৯৭০৭৩
একাউণ্ট হ’ল্ডাৰ : মিৰা কলিতা।